বাইহাটা চাৰিআলিত অঘটন

বাইহাটা চাৰিআলিত অঘটন

ৰঙিলী বাৰ্ত্তাসেৱা-  বাইহাটা চাৰিআলিত অঘটন।নিৰ্মীয়মান উৰণ সেতুখনৰ প্ৰকাণ্ড বীম খহিঁ পৰাৰ ফলত  এজন ব্যক্তিৰ মৃত্যু। মৃত ব্যক্তিজনৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে। ব্যক্তিজনৰ নাম ফুলচান্দ আলি। ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা আৰক্ষীৰ।ইফালে উৰণ সেতুখনৰ প্ৰকাণ্ড বীমটো খহিঁ পৰাৰ ফলত ঘটনাস্থলীত এখন ডাম্পাৰ চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ লগতে বীমটো ওপৰলৈ উঠোৱা ক্ৰেনখনৰো ক্ষতিগ্ৰস্থ হৈছে। ঘটনাস্থলীত বৰ্তমান উত্তেজনাই বিৰাজ কৰাৰ লগতে স্থানীয় ৰাইজে অৱৰোধ কৰিছে ঘাইপথ।  দলংখনৰ নিৰ্মানকাৰী সংস্থাটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাইজে আৰক্ষীক উচিত তদন্তৰ লগতে ক্ষতিপূৰণো দাবী কৰিছে।