বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু অসমীয়া যুৱকৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু নাৰায়ণপুৰৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ। ফুড অভিযন্তা হিচাপে এটা কোম্পানীত কৰ্মৰত ত্ৰিদীপ কোঁৱৰ আঠমহলীয়া এক বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদীপৰ পৰিয়াললৈ খবৰ আহে৷ মৃত্যুৰ এদিনৰ পূৰ্বে ত্ৰিদীপে পদোন্নতি লাভ কৰিছিল কোম্পানীত৷ পৰিয়ালৰ সন্দেহ যে এই পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল৷ ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে৷ নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱৰৰ একমাত্ৰ পুত্ৰ ত্ৰিদীপৰ মৃতদেহ যোৱানিশা ঘৰলৈ অনা হয়৷ ত্ৰিদীপৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। সকলোৰে দাবী, ত্ৰিদীপৰ মৃত্যুৰ উচিত বিচাৰ হওক আৰু অভিযন্তাজনৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক৷