বাংগালুৰুত সফলতাৰে সম্পন্ন হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ

বাংগালুৰুত সফলতাৰে সম্পন্ন হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাংগালুৰুৰ নাৰায়াণা হেলথ চিটি হাস্পতালত সফলতাৰে সম্পন্ন হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ।চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত অখিল গগৈৰ অস্ত্ৰোপচাৰ শুকুৰবাৰে দিনৰ ভাগত সফলতাৰে সম্পন্ন হয়।ডাঃ শ্ৰেচা শংকৰ মাইয়া আৰু ডাঃ কপিল কুমাৱটৰ তত্বাৱধানত বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়।বৰ্তমান তেখেতক পৰ্যবেক্ষণৰ বাবে চি চি ইউত ৰখা হৈছে।চিকিৎসকে অখিল গগৈ সম্পূৰ্ণ বিপদমুক্ত বুলি জানিবলৈ দিয়াৰ লগতে চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে।