বহাগ মোৰ বৰ আপোন – ৰীতা পাচনী

Pc Krishi Jagran Assam

বহাগ মোৰ বৰ আপোন

ৰীতা পাচনী , ৰঙিয়া

কিচকিচিয়া ক’লা চুলিটাৰি মেলি
বাউলী হৈ অহা বৰদৈচিলা জনীয়ে
আগজাননী দিছিল বহাগ যে সমাগত,
কুলিৰ মৌমিঠা মাতে সৰগি সুষমাৰে
বহাগক আদৰিলে।
আমৰ মলিয়ে মিচিকি হাঁহিৰে
কঠালৰ মুছিক ক’লে,
এইয়া যে আমাৰ সপোন ফলিওৱাৰ বতৰ।
কপৌ, তগৰ, গুটিমালি, গোলাপ, জবা
নানা তৰহৰ ফুলেৰে সুশোভিত আজি ধৰা
কুলি, কেতেকী, ঘৰচিৰীকা,মইনাৰ মধুৰ গুঞ্জন।
ঢোলৰ গুমগুমনি, তালৰ খিতখিতনিত
ৰাইজাই অসমীয়াৰ মন ।
বাপতি সাহোন ৰঙালী বিহুটি যে দুৱাৰমুখত ,
হিৰ্ হিৰ্ গিৰ্ গিৰ্ মেঘৰ মাদল,
বছৰৰ প্ৰথম বৰষুণ জাকত গা টি তিয়াই
প্ৰকৃতিও সাজু নতুন ৰূপত,
এইয়া যে অংকুৰণৰ সময়
প্ৰকৃতিয়ে সেউজীয়া আৱৰণেৰে
নিজকে সজোৱাৰ সময়।।