ব’হাগ বিহু
সাধাৰণতে ক’বলৈ গ’লে , তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহুটো সকলোৰে প্ৰিয় । এই বিহু অহাৰ আগত গছৰ আঁৰৰ পৰা কুলি চৰাই জনীয়েও দি যায় ব’হাগ বিহু অহাৰ বতৰা । গছবোৰতো ন ন কুহিপাতে পোখা মেলে । ঘৰে – ঘৰে লাড়ু , পিঠাৰ যোগাৰ , শিপিনী সকলো ব্যস্ত হয় কাপোৰ – কানি বোৱাত , বিহুৰ কৰ্মশালাত সকলো ব্যস্ত বিহু নচাত , ব’হাগ বিহুৰ আগদিনা গৰু বিহুৰ দিনা গৰুক মাখিয়তী দীঘলতীৰে কোবাই কোবাই নৈ , পুখুৰী আদি লৈ লৈ গৈ মাহ – হালধীৰে গা পা ধুৱাই লাও চাত , বেঙেনা চাত গৰুৰ গা লৈ দলিয়াই এইদৰে কয় —— লাও খা , বেঙেনা খা , বছৰে বছৰে বাঢ়ি যা ,, মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু । ঘৰলৈ আনি গধূলি সময়ত নতুন পঘাৰে বান্ধি গৰুক বিচনীৰে বিচি দিয়ে । দিনত এশ এবিধ শাকৰ জুতি লয় সকলোৱে । গধূলি সময়ত ঘৰৰ জপনা মুখত মাখিয়তী দীঘলতী আদি গোটাই লৈ জ্বলাই জাক দিয়ে ম’হ মাখি খেদি । আৰু দিনৰ ভাগত নহৰু খুন্দি লৈ পানীত মিলাই ঘৰৰ ভিতৰে বাহিৰে চটিয়াই । আৰু এই বিহুত নাহৰ পাতত এই মন্ত্ৰটো লিখি ঘৰৰ ওপৰত গুজি থৈ দিয়ে বতাহ ধুমুহাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে —— ” দেৱ দেৱ মহাদেৱ , নীলগ্ৰীৱ জটাধাৰী , বাত বৃষ্টি হৰং দেৱ , মহাদেৱ নমস্তোতে ” । গৰু বিহুৰ দিনা ৰাতিত সকলোৱে জেতুকা লগাই । বিহুৰ দিনাখন মাহ – হালধীৰে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি জা – জলপান খাই । সৰু ডাঙৰ সকলোৱে মিলি হুচৰি মাৰিবলৈ বুলি জাকে জাকে ওলাই যায় । দিনতো আৰু ৰাতিয়ো । ৰাতিৰ ভাগত জেং বিহু ( হুঁচৰি ) লৈ বুলি গাভৰুহঁত ঢাপলি মেলে খোপাত কপৌ ফুল গুজি লৈ মুগাৰ সাঁজ পিন্ধি । হুঁঁচৰি মাৰি পোৱা পইচাৰে ভোজ – ভাত খাই কোনোৱে হয়টো ভগাই লয় ।
লখিমী শৰ্মা
যোৰহাট