বহাগ বিহুৰ হুঁচৰি অনুষ্ঠান আৰু কিছু কথা
ব্ৰহ্মপুত্ৰ মহানদৰ দুয়োপাৰত বিস্তাৰিত হৈ থকা অসম ভূমিত বাস কৰা প্ৰতি জন অসমীয়াৰ অতিকৈ মৰম উৎসৱ হৈছে বিহু। বছৰত তিনিটাকৈ “বিহু” উদযাপন কৰা অসমীয়াৰ সকলোতকৈ অধিক আদৰৰ বিহুটি হৈছে ব’হাগ বা ৰঙালী বিহু। এই বিহুটি অধিক মৰমৰ বা হেঁপাহৰ হোৱাৰ কাৰণ যদি আমি ফঁহিয়াই চাওঁ তেতিয়া দেখিম যে সাত দিনলৈকে অনুষ্ঠিত হোৱা ইয়াৰ অনুষ্ঠানবোৰৰ জনপ্ৰিয়তা। এই জনপ্ৰিয় অনুষ্ঠান বোৰৰ ভিতৰতে এটা অন্যতম জনপ্ৰিয় অনুষ্ঠান হৈছে হুঁচৰি।
এই অনুষ্ঠানটি কেতিয়াৰ পৰা আৰম্ভ হ’ল জনা নাযায় যদিও বিভিন্ন তথ্যৰ আঁত ধৰি মুকলি পথাৰতে আৰম্ভ হৈ বিভিন্ন সময়ৰ মাজেদি আহি,আহি আহোম ৰাজদৰবাৰৰ ৰাজকীয় স্বীকৃতিৰে পৰৱৰ্তী সময়লৈ গতি কৰিআজিৰ অৱস্থা পুৱালৈ চাই ইয়াক আহোম ৰজা ৰুদ্ৰসিংহ স্বৰ্গদেউৰ পাছৰ কালতে ইয়াৰ উৎপত্তি বুলি ভাবিব পাৰি।
হেমকোষ অভিধানৰ মতে বহাগ বিহুত জুম বান্ধি ঢোল, তাল আদি বাদ্যৰে গৃহস্থৰ ঘৰে ঘৰে গৈ গোৱা মঙ্গল কামনাৰ গীত বুলি কোৱা হৈছে হুঁচৰি টাই ভাষাৰ শব্দ হুছাৰি” শব্দটো কালক্ৰমত মানুহৰ মুখ বাগৰি হুঁচৰি হৈছে বুলি কোৱা জনা যায়। ৰঙালী বিহুত ঘৰে ঘৰে গৈ কৰা মংগলজনক সংগীতানুষ্ঠান বুলিয়ে বুজিব পৰা। এই হুছাৰি শব্দটোৰ অৰ্থ হ’ল হু” মানে চিঞৰ “ছা” মানে আৰ্শীবাদ বিচৰা আৰু “ৰি” মানে আনন্দত মতলীয়া হোৱা বুজাই।
ভক্তিমূলক অনুষ্ঠান বুলি কলেও ভুল নোহোৱা, হুঁচৰিত, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন পুথিৰ ঘোষা-পদৰ হৰিধ্বনিৰে আৰম্ভ আৰু শেষ হোৱা হুঁচৰিত এই ভক্তি ভাৱধাৰা মধ্যযুগৰ পৰা চলি অহাৰ প্ৰমাণ পোৱা যায়। হুঁচৰি এক উদ্দেশ্যেধৰ্মী অনুষ্ঠান কিয়নো বছেৰেকৰ বিহুটিত গৃহস্থৰ চোতালত পদধূলা দি তেওলোকৰ বছৰটোৰ সকলো অপায় অমংগল নাশ হৈ ঘৰ খনৰ প্রতিটো প্ৰাণীৰ নতুন বছৰটোত সৰ্ব দিশত মঙ্গল কামনাৰে আশীৰ্বাদ দিয়াই ইয়াৰ প্ৰধান উদ্দেশ্য আৰু বিশেষত্ব।
কেৱল পুৰুষ সকলেহে অংশগ্ৰহণ কৰিব পৰা এই অনুষ্ঠান আমাৰ দেশ স্বাধীন হোৱাৰ আগৰ পৰা আশী, নব্বৈ দশকলৈ হুঁচৰি গাবলৈ কোনো বিশেষ সাজ-পাৰ পিন্ধাৰ বাধ্যতামূলক নাছিল যদিও সকলো সদস্যই চুৰিয়া পিন্ধা আৰু মূৰত গামোচাৰে পাগ মৰা বাধ্যতামূলক আছিল। দলৰ ঢোল বাদ্য বজোৱা বয়সীয়াল ঢুলীয়া সকলে বনিয়নৰ ওপৰত কলা ৰঙৰ বুকু ফলা হাত কটা জেপ থকা চোলা আৰু কোনো কোনোৱে বনিয়ন ওপৰত মুগাৰ সূতাৰে হাতে বোৱা হাত দীঘল বুকু ফলা তলে ওপৰে জেপ থকা মুগা চোলা পিন্ধি অংশগ্ৰহণ কৰিছিল।
এই হুঁচৰিৰ অনুষ্ঠানৰ আৰম্ভণি কৰাৰ সময়ত প্ৰচলিত এষাৰ অৰ্থৱহ ভাবগধূৰ বাক্যৰ উচ্চাৰণ কৰে হুঁচৰি গাবলৈ অহা দলটোৱে সেইটো হ’ল” জয় ৰাম বোলা, জয় হৰি বোলা”। ইয়াৰ কাৰণ হ’ল পৌৰাণিক ধাৰণাৰ মতে মহাদেৱ শিৱই পত্নী পাৰ্বতীক কৈছিল যে ৰাম শব্দ উচ্চাৰণৰ সময়ত ৰা উচ্চাৰণত মুখ খন মেল খাই যোৱাৰ ফলত অন্তৰত থকা পাপ ওলাই যায় আৰু ম উচ্চাৰণ কৰাৰ লগে লগে মুখ খন বন্ধ হোৱাৰ লগে লগে ওলাই যোৱা পাপ আকৌ সোমাব নোৱাৰে আৰু ৰৈ যায় মাথোঁ পূণ্য খিনি ইয়েই হৈছে দুটা অক্ষয়যুক্ত ‘ৰাম’ শব্দৰ মাহাত্ম্য।
আকৌ হৰি শব্দৰ অৰ্থ হৈছে হৰণ কৰা।শাস্ত্ৰৰ মতে যিহেতু এই সংসাৰত প্ৰতিটো প্ৰাণী তিনি তাপেৰে তাপীত অৰ্থাৎ আধিভৌতিক, আধিদৈৱিক আৰু আধ্যাত্মিক সেয়ে এই তিনি তাপৰ পৰা উদ্ধাৰ বা হৰণ কৰিব পাৰে হৰিয়েহে সেয়ে হৰি নাম লোৱা হয়।
উল্লেখ্য যে বহুতেই বহাগ বিহুৰ আন এটা অন্যতম জনপ্ৰিয় অনুষ্ঠান বিহু মৰাৰ এক অংশ বা একেই বুলি হুঁচৰিক ভাবে। কিন্ত সেয়া ভুল ধাৰণা কাৰণ হুঁচৰি আৰু বিহু একে নহয়। বিহু মৰা আৰু হুঁচৰি মৰাৰ মাজত আছে বহু খিনি অমিল। যিয়েই দুয়োটাকে দিয়ে এক সুকীয়া অনুষ্ঠানৰ মৰ্যাদা।
উদাহৰণ স্বৰূপে বিহু মাৰোঁতে কোনো নিৰ্ধাৰিত নীতি নিয়মেৰে আৰম্ভণি আৰু সামৰণি মৰা নহয়।যিটো হুঁচৰিত অতিকৈ প্ৰয়োজনীয়। অন্যহাতে বিহু মাৰোঁতে বিহু মৰা দলটোৰ লগত কোনো বাদ্যযন্ত্ৰ নাথাকিলে ত হাত চাপৰি বজাই বিহু নাম গাই কিৰিলি পাৰিয়েই অনুষ্ঠান পৰিৱেশন কৰিব পাৰি,কিন্তু হুঁচৰি মাৰিবলৈ আমাৰ পূৰ্বপুৰুষে দি যোৱা কিছুমান নীতি নিয়ম পালন কৰি ঘোষা- পদেৰে আৰম্ভণি আৰু সামৰণি মাৰি হুঁচৰিৰৰ লগত জড়িত বাদ্য ঢোল,তাল পেঁপা প্ৰয়োগ আৰু নিদিষ্ট সাজ -পাৰ পৰিধান কৰাটো বাধ্যতামূলক। আকৌ হুঁচৰি মাৰে ঘূৰি ঘূৰি যিটো “বিহু” মাৰোঁতে দেখা নাযায়।
পৰিতাপৰ কথা যে বৰ্তমান সময়ত বিভিন্ন কাৰকৰ চেপাত পৰি লাহে লাহে সংকট জনক অৱস্থালৈ গতি কৰা অসমীয়া জাতি আৰু কৃষ্টি সংস্কৃতিৰ বিভিন্ন ধৰণে বিকৃত হবলৈ ধৰা যি পৰম্পৰা গঢ়ি উঠিছে তাৰ তালিকাত হুঁচৰিও আছে। জানি বুজিয়েই হওঁক বা নজনাকৈয়েই হওঁক আজি কিছু বছৰৰ আগৰ পৰা হুঁচৰি মাৰোঁতে বিভিন্ন জনে বিভিন্ন সময়ত বিকৃত কৰি সুকীয়া বৈশিষ্ট্যৰে নিজস্বতা থকা হুঁচৰিক আঘাত কৰা দেখা গৈছে। যিয়ে এটা সময়ত যে এই অনুষ্ঠানটোক ধ্বংস কৰিব তাক নুই কৰিব নোৱাৰি।যিটো আমাৰ বাবে এটা চিন্তা জনক কথা।
মুন শৰ্মা,
বছাগাঁও, লখিমপুৰ
বছাগাঁও, লখিমপুৰ