বহাগ বিহুৰ মাদকতা
বিশ্বজিৎ বৈশ্য, বংশৰ, শুৱালকুছি
চাওতে চাওতে লৰা-লৰিকৈ আকৌ আহি পালেহি হেপাহৰ ৰঙালী বিহুটি। কুলিৰ শুৱলা মাতত প্রকৃতিয়ে দিয়ে বিনন্দীয়া সৌন্দর্য, গছ লতিকায়ো বসন সলাই আনে ৰঙালীৰ ৰঙীন সেই মূহুৰ্তৰ আনন্দৰে ভৰা পৃথিৱীৰ অন্য এক নান্দনিক দৃশ্য। কপৌ ফুলৰ সুগন্ধৰ বতাহ, মহৰ শিংৰ পেপা আৰু ঢোলৰ শব্দই আনে ৰঙালীক আদৰাৰ মাদকতা। এনে এক সন্ধিক্ষণত ডেকা-বুঢ়া সকলোৰে প্ৰাণ আনন্দতে নাচি উঠে নাচি উঠে চৌপাশৰ আকাশ বতাহ। ৰঙালী বিহু। নামেই যাৰ পৰিচয়। সচাকৈ ৰঙালীৰ ৰঙেৰে জীপাল এতিয়া অসমৰ আকাশ বতাহ। ৰঙালী বিহুৰ প্ৰথম দিনটোৱেই হৈছে গৰু বিহু। সিদিনা আমাৰ গো লক্ষ্মীক নোৱাই ধুৱাই লাউ বেঙেনা খুৱাই গধূলি ন পঘাৰে বন্ধা নিয়ম অতীজৰে পৰা চলি আহিছে। দ্বিতীয় দিনা মানুহ বিহু। সিদিনা সৰুৱে ডাঙৰক সেৱা কৰে আৰু নতুন বছৰৰ আৰম্ভণি স্বৰূপে বিহুৱান দিয়ে। তৃতীয় দিনা হৈছে গোসাঁই বিহু। সিদিনা ঠাই বিশেষে কৃষ্ণ ভগৱানৰ সুৱৰী উৎসৱ পালন কৰা হয়।