ব’হাগ বিহুঃ অসমীয়াৰ আৱেগ
অসমৰ জাতীয় উৎসৱ এই বাক্যটোৱেই বিহুৰ বিষয়ে মই পঢ়া প্রথম বাক্য। জাতীয় উৎসৱ হিচাপে আমাৰ জাতিটোৰ বিহুৰ প্রতি যথেষ্ট কৰণীয় আছে। বিহু সম্পর্কে এতিয়ালৈকে কিতাপ-আলোচনীত বহু লেখা প্রকাশিত হৈছে লগতে অতীতৰ বিহু আৰু এতিয়াৰ বিহু সম্পর্কেও চৰ্চা অব্যাহত আছে। তথাপি বিহু শব্দটো আমাৰ আৱেগৰ লগত জড়িত, ই আনন্দ-স্ফূর্তি আৰু সম্প্রীতিৰ বাহক। বিশেষকৈ ব’হাগ বা ৰঙালী বিহু মানেই আনন্দ, নাচ-গান যেন জীৱনটো উদযাপনৰ পূর্ণ সুযোগ। কেবল মানুহৰ বাবেই এই বিহনে, প্রকৃতিয়েও যেন এই বিহুলৈকে ৰৈ থাকে ন রূপৰ অপেক্ষাত। লেখনির শিৰোনামত যদিও মই উল্লেখ কৰিছোঁ ব’হাগ বিহু অসমীয়াৰ আরেগ তথাপি আমি বেছি আৱেগত উটি-ভাহি যোৱাতকৈ বিছৰ বৈজ্ঞানিক ভিত্তি সম্পর্কেও চিন্তা কৰি চোৱা উচিত।
ব’হাগ বিহুত মাহ-হালধি, আমৰ কলি, মাটিমাহ, জেতুকা আদি সনাৰ যি পৰম্পৰা সেয়া আচলতে এটা নির্দিষ্ট দিনতে আমি ব্যৱহাৰ কৰা উচিনে। নিশ্চয় নহয়। আমাৰ ছাল, চুলি ভালে ৰাখিবলৈ এনেধৰণৰ প্ৰাকৃতিক বস্তু শৰীৰত প্রায়ে লগোৱা উচিৎ। তদুপৰি কেঁচা হালধি ৰস সেৱনে আমার পেটৰ নানা সমস্যা দুৰ কৰাত সহায় কৰে। একেদৰে, গণক গা-ধুওৱাৰ যি পৰস্পৰা সেয়াও তাৎপর্যপূর্ণ।
জীব-জন্তুৰ প্রতি বিশেষকৈ খেতিৰ লগত জড়িত আমাৰ ৰাজ্যত গৰুক যত্ন লোৱাটো নিতান্ত আবশ্যক।
ব’হাগ বিহুৰ লগত জড়িত নাচ-গান প্রকৃতাৰ্থত স্বাস্থ্য উপযোগী। শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ, অত্যধিক শৰীৰৰ চর্বি হ্রাস কৰাৰ নির্ভেজাল উপায় বুলিলে শালীৰিক শ্রমৰ কথাই আহে। আৰু এই শ্ৰমৰ ভিতৰত নাচ-গান উত্তম উপায় যি আমাৰ দেহ-মন দুয়োটা ভালে ৰখাত সহায় কৰে। সেয়ে আমি কেৱল বিহুৰ দিন কেইটাতে নহয় সময়-সুবিধা পালে বিহু গাই বা নাচি আনন্দ স্ফূৰ্তি কৰি জীৱনটোক এক ইতিবাচক বার্তা দিব পাৰোঁ। অৱশ্যে বিহু বুলি বহু টকা মাননি লোৱা শিল্পীক মাতি আনি বিহু সুৰীয়া গীত শুনাটো মই মানি ল’ব নোৱাৰোঁ। কিয়নো দুটামান গানৰ বিনিময়ত ৰাইজৰ পৰা চান্দা উঠাই হাৰাশান্তি কৰাতকৈ নিজৰ মাজতেও আমি আনন্দ-ফূৰ্তি কৰিব পাৰোঁ। আমাৰ আশে-পাশে থকা বহু সুপ্ত প্রতিভাক আমি এখন মঞ্চ দিব পাৰোঁ। অৱশ্যে কম বা জোখৰ মাননি লোৱা শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰাত আপত্তি নাই। কিন্তু দেখা যায় বহু গায়কে কেৱল গান গায়েই জীৱিকা নির্বাহ কৰিব বিচাৰে যাৰ বাবে ৰাইজৰ মূৰত মাধমাৰ পৰে। গান দুটামান গায়েই লাখ লাখ টকা লৈ বিলাসিতাৰ জীৱন কটোৱা তেনে গায়কৰ প্ৰতি মোৰ ব্যক্তিগতভাবে সদভাৱ নাই। অৱশ্যে বিহু কর্মশালাবোৰৰ পৰা যথেষ্ট শিকিবলগীয়া আছে।
বিশ্ব কেৱল অজনজাতীয় লোকৰ মাজতে সীমাবদ্ধ নাই। জনজাতীয় লোকসকলেও বিহু পালন কৰে। উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ মাজত লগত জড়িত পৰম্পৰাৰ মাজত কিন্তু অমিল থাকিব পাৰে, এয়া স্বাভাবিক। তথাপি বিহুৰ উদ্দেশ্য এটাই-মিলাপ্ৰীতি, নতুনত্ব আৰু ৰং-তামাচা।
ব’হাগ বিহুৰ লগত জড়িত আন এক পৰম্পৰা হুঁচৰি। ৰাইজৰ গৃহস্থৰ প্ৰতি আশীৰ্বাদ সূচক হুঁচৰি ব’হাগ বিছৰ এক গুৰুত্বপূর্ণ অংগ। হুঁচৰি গাই বা শুনি এক তৃপ্তি পোৱা যায় যি গোটেই বছৰটোলৈ এক আশীর্বাদৰ শক্তি লৈ আগবাঢ়িব পাবি। কিন্তু তাৰমাজতে বহুতে হুঁচৰিৰ নাম লৈ শংকৰ গুৰু আমাৰে, মাধব গুৰু আমাৰে… এনেধৰণৰ গীত গোৱা দেখিছোঁ বা গৃহস্থক আশাবাদটোও ভালদৰে দিব নজনা সেইসকলক উদ্দেশ্যি কওঁ, দেখাত সৰু বা সাধাৰণ যেন লাগিলেও আমাৰ যিকোনো কামত অধ্যয়নৰ প্রয়োজন। নহ’লে আনৰ ওচৰত আমি হাঁহিয়াতৰ পাত্ৰ হ’ম। ইয়াৰ উপৰি অসমীয়াৰ বিহুৱান দিয়াৰ যি পৰম্পৰা সেয়া অন্য এক মাদকতা। কেৱল এয়াই নহয় শিপিনীসকলে উচিত মূল্য পোৱাটো আমাৰ কাম্য।
বিহুৰ বিষয়ে মই কোনো গভীৰ বা গৱেষণামূলক কথা উল্লেখ কৰা নহ’ল যদিও লেখনিৰ সামৰণিলৈ গতি কৰোঁ তথাপি মনৰ দুই এটা অনুভৱ ব্যক্ত কৰিলোঁ। দৰাচলতে মোৰ মনত এটা দুখ থাকি গ’ল কিয়নো মই গাঁৱৰ পৰিবেশ নাপালোঁ যাৰবাবে বহু কিবা-কিবি হেৰৱাবলগীয়া হ’ল। বিহুৰ কেইদিন অন্ততঃ গাঁৱৰ পৰিৱেশত থাকিবলৈ মন যায়। মুক্ত মনেৰে দৌৰিবলৈ মন যায়, কঁকাল ভাঙিব নাজানিলেও নাচিবলৈ মন যায়, বেসুৰা হ’লেও বিহু গাবলৈ মন যায়, চেনাইলৈ বিহুৱান ববলৈ মন যায়, গাঁৱৰ নিভাঁজ যেন লগা, সৰলতাখিনিক চুই চাবৰ মন যায়। মুঠতে বিহুৰ আবেগত বাস্ততাপূর্ণ জীৱনৰ কেইটামান মুহূর্ত বিলীন হ’বলৈ মন যায়।
বি.দ্রঃ লেখনিত ‘মই’ শব্দ ব্যৱহাৰ কৰি অহংকাৰী মনৰ পৰিচয় দিয়া নাই, মই শব্দৰ ঠাইত ‘আমি’ লিখিলেও যিহেতু মোন কথাই বুজায় সেয়ে ‘মই’ শব্দকে ব্যৱহাৰ কৰিছোঁ। এই চেগতে আগন্তুক ব’হাগ বিহুলৈ বুলি সকলোকে শুভকামনা জনাইছোঁ। লগতে সেইসকললৈ আন এটা অনুৰোধ যাতে বিহু বুলি নিচাযুক্ত দ্ৰব্য সেৱন কৰি ফাংচনত ৰাতি যুৱতীক অশ্লীল ইংগিত দি পৰিবেশ বিনষ্ট নকৰে। অসমীয়া মহিলাই যদি অসমত নিজৰ বাপুতি সাহোন বিহুটিত এনেবোৰ কাৰণত চাবলৈ যাব নোৱাৰে তাতকৈ লাজৰ কথা নাই।
ড° ত্রিবেণী শৰ্মা বৰুৱা