বহাগ
অনামিকা কলিতা
বহাগ মানেই নতুন,
বহাগ মানেই প্ৰকৃতিৰ বৰ্ণময় বিন্যাস৷
শুকান বিৰিশে যেনেকৈ সেউজীয়া সাজ পিন্ধিবলৈ বহাগলৈ অপেক্ষা কৰে, তেনেকৈ উন্মনা মনেও বহাগতে অপেক্ষা কৰে প্ৰিয়জনলৈ৷ ৰিহাৰ আঁচল ধৰি বুকুৰ ঐনিতমৰ এধানি সুৰত দুহাতত জেতুকা বুলাই বহাগ আহিছে৷ গছৰ সেউজীয়া পাতবোৰ যেন জাননী দিছে বহাগ অহাৰ বতৰা৷ কুলিৰ শুৱলা মাতে বুকুত তুলিলে ধৌ, বৰষুণত জিলিকি উঠা নাহৰ, তগৰৰ কুহুমীয়া পাতকেইটাই বহাগৰ বতৰ দিছে৷ বহাগ এনেকুৱাই, ফাগুনৰ নিচিনা নহয় চঞ্চল বুকুতে সামৰি জীৱাব পৰা এটি ৰঙীন শব্দৰ নামেই হ’ল বহাগ৷ বহাগৰ মৰমে সকলোকে চুই যায়, বহাগৰ মৰমে দেহ, মন জোকাৰে৷ বহাগে সপোন আনে, বহাগত সপোন বাঢ়ে, বহাগক লৈয়ে সুখী হোৱাৰ সপোন দেখে৷ বহাগ সদায় আমাৰ ৰঙালী৷