ব’হাগৰ সাতবিহু – অনিতা গগৈ

ব’হাগৰ সাতবিহু
                    অনিতা গগৈ,দগাওঁ
বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা। বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বা ভোগালী বিহু। বহাগ বিহুত সাত দিন বিহু পালন কৰা হয়।  সংক্ৰান্তি বা চ’তৰ শেষ দিনাৰ পৰা বহাগৰ বিহু আৰম্ভ হয়। মুঠ সাতদিন ধৰি  উদযাপন কৰা এই বিহুৰ প্ৰত্যেক দিনৰে এক সুকীয়া নাম আৰু পৰম্পৰা আছে। সেই নাম সমূহ হ’ল –গৰু বিহু , মানুহ বিহু  ,গোসাঁই বিহু , তাঁতৰ বিহু , নাঙলৰ বিহু , জীয়ৰী বা চেনেহী বিহু আৰু ,চেৰা বিহু।
গৰু বিহু– চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। সেই দিনা গৰুক ‘গো লক্ষ্মী’ হিচাপে ভবা  হয়।  বিশেষকৈ গ্ৰাম্য অঞ্চলত গৰু বিহুৰ দিনা  পুৱাই উঠি চোতালখন অকণমান মচি চাট বনায় চালনী এখনত তুলি লয় আৰু মাহ হালধি পিচি লয় ৷ তাৰ পাচত গৰুক ওচৰৰে নদী,বিল বা পুখুৰী লৈ নি মাহ, হালধিৰে নোৱাই ধুৱাই  সমজুৱাকৈ  গা ধুওৱা হয়। লাউ, বেঙেনা, কেৰেলা, হালধি, থেকেৰা আদিৰে তৈয়াৰ কৰি লোৱা চাঁট গৰুৰ গালৈ দলিয়াই
” লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা,
 মাৰ  সৰু ,বাপেৰ সৰু ,তই হবি বৰ গৰু “
 বুলি গোৱা  হয়। এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।  পাছত এজনে আনজনৰ  চাঁটবোৰ সলনি কৰি ঘৰৰ চালত গুজি থয়। এনে কৰিলে অপায় অমংগল দূৰ হয় বুলি বিশ্বাস আছে।  সন্ধিয়া  দীঘলতী,মাখিয়তী পাতেৰে লাহে লাহে কোবাই গৰুক ঘৰলৈ লৈ অনা হয় আৰু খেৰ, তুঁহ, বিহলঙনী আদিৰে জাগ দিয়া হয়। জাগৰ ধোঁৱা বিচনীৰে বিচি গৰুক দিয়ে আৰু নতুন “তৰাপঘা” বান্ধি  পিঠা পনা খাবলৈ দিয়ে। গৰু বিহুৰ দিনা নাহৰৰ পাতত মন্ত্ৰ লিখি দুৱাৰৰ চুকত ওলোমাই দিয়াটোও এক প্ৰকাৰৰ নিয়ম।
মানুহ বিহু–  বহাগ মাহৰ প্ৰথম দিনা মানুহ বিহু । মানুহ বিহুৰ দিনা পুৱাই উঠি গৰুৰ গাত সানি থাকি যোৱা মাহ, হালধিৰে গা ধুই ন-সাজ পৰিধান কৰি সৰুৱে ডাঙৰৰ ভৰি চুই  আশীৰ্বাদ লয়।  ইজনে সিজনক  বিহুৱান দি বিহুৰ সেৱা জনায়। বিহুৰ দিনা পৰিয়ালৰ লগতে ঘৰৰ সকলো সদস্যই একেলগে বহি জা-জলপান খোৱাৰ লগতে  সৰু, বৰ ডেকা গাভৰুসকলে ঘৰে ঘৰে গৈ হুঁচৰি মৰাটো এক পৰম্পৰা । মানুহ বিহুৰ দিনাই নতুন বছৰটো যাতে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ বতাহ, ধুমুহা, ব্ৰজপাত আদিৰ পৰা ৰক্ষা পায়  তাৰবাবে কোনো ব্ৰাহ্মণ বা গুৰুস্থানীয় লোকৰ হতুৱাই নতুবা নিজ হাতে নাহৰ পাতত
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ,
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্ততে “
লিখাই ঘৰৰ দুৱাৰ মুখত আঁৰি থয়। এশ এবিধ শাক ৰান্ধি খায় ৷
গোঁসাই বিহু— বহাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। গোসাঁই বিহুৰ দিনা  ঘৰখনৰ  কুশল মঙ্গল কামনা কৰি ঘৰৰ গোঁসাইৰ থাপনাৰ আগত মাহ প্ৰসাদ আগবঢ়ায় ৷   গাঁৱৰ ৰাজহুৱা নামঘৰতো কীৰ্তন ভাগৱত পাঠ কৰি নাম-প্ৰসঙ্গ কৰা হয় আৰু গাঁৱখনৰ মঙ্গলৰ কাৰণে সকলোৱে একেলগে আশীৰ্বাদ লয়।
তাঁতৰ বিহু— চতুৰ্থ দিনা অৰ্থাৎ তিনি বহাগৰ দিনা তাঁতৰ বিহু। তাঁত শালখন  অসমীয়া জী‌য়ৰী বোৱাৰীৰ  আদৰৰ সম্পদ।  এই বিহুৰ দিনা অসমীয়া শিপিনী সকলে তাঁতৰ সঁজুলি সমূহ ভালদৰে ধুই  মুচি-কাচি পৰিষ্কাৰ কৰি  বান্ধি ৰাখে। যিহেতু  বিহুৰ পাছৰেপৰা  কৃষিকাৰ্যত ধৰিব লাগিব সেয়ে কিছুদিনলৈ তাঁতশালৰ কামৰ পৰা আঁতৰি থাকিব। তাঁতৰ সঁজুলি সমূহত যাতে ঘূণে নধৰে সেয়ে যতনেৰে ৰাখিব লগা হয়।
নাঙলৰ বিহু ঃ— চাৰি বহাগৰ দিনা নাঙলৰ বিহু পালন কৰা হয়। নাঙল হৈছে কৃষিকৰ্মৰ মূল সঁজুলি । এই বিহুৰ দিনা নাঙলটো  ঠিকে আছেনে নাই চাই মুচি-কাচি পৰিষ্কাৰ কৰি ধূপ ধূনা দি বন্তি জ্বলাই সেৱা কৰি খেতিৰ বাবে সাজু কৰি ৰখা হয়।
জীয়ৰী বা চেনেহী বিহু ঃ—  বিহুৰ পঞ্চম দিনা জীয়ৰী বা চেনেহী বিহু। এই বিহুৰ দিনা বিয়া দিয়া  ছোৱালীবোৰ নিজ গৃহলৈ  আহে আৰু মাক, দেউতাকৰ সৈতে  মিলিজুলি  আনন্দমনে একেলগে এসাঁজ খায়। ইজনে সিজনক বিহুৰ ওলগ জনাই বিহুৱান যাচে। সেয়ে এই দিনটোক জীয়ৰী বা চেনেহী বিহু বুলি জনা যায়।
 চেৰা বিহু ঃ— সাতবিহুৰ শেষৰ দিনা  চেৰা বিহু। চেৰা বিহুক  এৰা বিহু বুলিও কোৱা  যায়। ঠাই ভেদে এই বিহুৰ নিয়মো ভিন ভিন। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱাৰ লগতে বিচনীৰ বা লৈ এইদৰে গোৱা হয় –
“নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক,
 ন-ভাতে পুৰণা ভাতে জীণ যাওক।”
বিচনীৰ ব্যৱহাৰ এই বিহুৰ দিনাৰ পৰাই হয়।  চেৰা বিহুৰ দিনা   সাতবিধ শাক খোৱাৰ নিয়ম আছে। ইয়াক “সাতশাকী” বুলি কোৱা হয়।