বহাগৰ কবিতাৰে শুৱালকুছিৰ লেখিকা সংস্থাৰ উদ্যোগত কবি সন্মিলন
অনামিকা(সংগীতা)কলিতা,শুৱালকুছি, ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰো এখন পৃথিৱী আছে । পৰিয়ালৰ ব্যস্ততাৰ মাজতো শুৱালকুছিৰ আমি লেখিকা সকল মিলিত হওঁ আমাৰ মনৰ অনুভৱ প্ৰকাশ কৰো ,আমি জানো নাৰীয়ে প্ৰগতিৰ দুৱাৰ মুকলি কৰে।শুৱালকুছি শাখা লেখিকা সংস্থাৰ উদ্যোগত ২৮/৪/২৪ ইং ৰবিবাৰে আবেলি ৫ বজাত শুৱালকুছিৰ সঙ্গীত বিদ্যালয়ত ‘ব’হাগৰ কবিতা শীৰ্ষক এটি কবিতানুষ্ঠান অনুস্থিত কৰা হয় । উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে সংস্থাৰ সভানেত্ৰী কুমাৰী কামদা বৈশ্যই । আৰম্ভণিতে সাংস্কৃতিক সম্পাদিকা মীনাক্ষী দাস বৰুৱাৰ সুমধুৰ কন্ঠত প্ৰাণ পাই উঠে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বহাগৰ গীতেৰে ।ইয়াৰ পিছত সংস্থাৰ সম্পাদিকা যমুনা দুলু বৈশ্য প্ৰমুখ্যে আন আন সদস্যা ক্ৰমে ৰঞ্জু মড়ল, নমিতা দাস , ললিতা দাস ,অনামিকা (সংগীতা)কলিতা, জোনালী চৌধুৰী দাস ,ভৱেশ্বৰী কলিতা ,বিনীতা কুমাৰ , হীৰা মনি বৈশ্য ,ৰুক্সিণী দাস ,কুমাৰী কামদা বৈশ্য বহাগৰ ওপৰত স্ব-ৰচিত কবিতা পাঠ কৰে লগতে নীলিমা দাসে ব’হাগতে আহিবি চেনাই ঐ গীতটিৰে ব’হাগৰ কবিতাৰে বিষয়বস্তৰ ওপৰত বহুমূলীয়া ভাষন দিয়ে। সভানেত্ৰী কুমাৰী কামদা বৈশ্যই ব’হাগৰ কবিতাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি সাৰুৱা মন্তব্য আগবঢ়ায়। তাৰ পিছতে শলাগৰ শৰাই যাচে সাংস্কৃতিক সম্পাদিকা ৰঞ্জু দাস মড়লে শেষত অসম সঙ্গীত পৰিবেশন কৰি সভা ভংগ কৰে । যুটীয়া সম্পাদিকা স্বৰ্ণময়ী কলিতা উপস্থিত থাকে।