ব’হাগলৈ এখন চিঠি – আয়নাল হক

ব’হাগলৈ এখন চিঠি
আয়নাল হক,ধুবুৰী 
ব’হাগ,তই আহিবি
অপেক্ষাত আছোঁ
তোক সাদৰেৰে আদৰিবলৈ।
ঢোলে-দগৰে, পেঁপাৰ মন-মোহিনী মাতেৰে
নাচনীৰ খামুচীয়া কঁকালত
বিহু নাচৰ অনন্য লহমাৰে
তোক আদৰিম
বৰ-পীৰা পাৰি–!
ডালত কপৌফুল ফুলিলেই
তোৰ আগমনৰ বতৰা পাই।
পিছে, বৰদৈচিলাজনীক বাৰু
কিয় আনিছ তোৰ লগত?
বৰ উতনুৱা তাই !
মনৰ বেগত
কেনেকৈ বাউলী হৈ আহি
সকলো তচ্ নচ্ কৰি যায় নিমিষতে–।
ব’হাগ,
বসন্তৰ পৰশত সু-সজ্জিত হৈ উঠা
প্ৰকৃতিৰ ভূৱন-ভোলোৱা ৰূপৰ মাধুৰী পান কৰিবলৈ
তই আহিবি কুলিৰ মিঠা-মাতত
শিপিনীৰ হাতৰ বিহুৱানৰ পৰশত
অসমীয়াৰ স্বাভিমান ৰখাৰ আকলুৱা আদৰত।