ব’হাগত সৌন্দৰ্য চৰ্চা
অসমীয়াৰ অতি আদৰৰ ব’হাগ বিহু বা ৰঙালী বিহু আহি পালেহিয়েই। ব’হাগ বিহু বুলিলেই মনটো উৎফুল্লিত হৈ উঠে। কিয়নো ব’হাগ বিহুৰ সময়ত অসমৰ চৌদিশে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতে মন মতলীয়া কৰে। বিহুৰ দিনকেইটাত মাহ-হালধি সানি গা ধোৱা, দুহাত জেতুকাৰে বুলোৱা ইত্যাদি সৌন্দৰ্য চৰ্চাৰ পৰম্পৰা অতীজৰে পৰা অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে।
ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ জেতুকা, বৰ্হমথুৰি ইত্যাদি প্ৰাকৃতিক উপাদান সৌন্দৰ্য চৰ্চাত ব্যৱহৃত হোৱাৰ উপৰিও অশেষ ঔষধি গুনেৰে সমৃদ্ধ। এনে বিহুৰ বতৰত জেতুকা, বৰ্হমথুৰি,ছালকুঁৱৰীৰ সহায়ত সৌন্দৰ্য চৰ্চা কৰাৰ লগতে ঔষধি গুণ সমূহৰ বিষয়ে জানো আহক-
১) জেতুকা- জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। জেতুকা এবিধ জোপোহা গছ। জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis। জেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাপে আজিৰ পৰা হাজাৰ বছৰ আগৰে পৰা ব্যৱহৃত হৈ আছে। সাধাৰণতে হাতখনি ধুনীয়া কৰিবলৈ অসমৰ গাভৰুৱে জেতুকাৰ ৰঙেৰে বিভিন্ন নক্সা আঁকি লয়। অসমীয়া জীয়ৰী-বোৱাৰী, বিহু নাচনীসকলে গৰু বিহুৰ দিনা হাতত জেতুকাৰ ৰং সানে। বৰ্ত্তমান চুলি ৰঙচুৱা কৰিবলৈ বা চুলিৰ উজ্জ্বলতা বঢ়াবলৈও জেতুকাৰ পাতৰ ৰং লগোৱা হয়। চুলি আৰু ছালৰ যত্নৰ বাবে জেতুকাক এবিধ উপকাৰী বনৌষধ হিচাপে জ্ঞান কৰা হয়। জেতুকা অন্তৰ কেইবাবিধো ঔষধি গুণ আছে।যেনে-
১) জেতুকাৰ পাত বটি লগালে ছালৰ ৰোগ, নখৰ ৰোগ আদি নোহোৱা হয়।
২) হাতৰ ছাল এৰোৱা সমস্যা থকাসকলৰ বাবে জেতুকা অতি উত্তম।
৩) ভৰিৰ জ্বলা-পোৰা সমস্যাত জেতুকাৰ পাত ভিনেগাৰৰ লগত মিহলাই ভৰিৰ গোৰোহাত লগাই থ’লে আৰাম পায়।
৪) ঘামচিৰ পৰা হাত সাৰিবলৈ জেতুকাৰ পাত বটি আক্ৰান্ত স্থানত লগাব পাৰি।
৫) গাঁঠিৰ বিষ,অৰ্থ্ৰাইটিছ আদিত জেতুকাৰ পাত বটি সেই স্থানত লগালে আৰাম পোৱা যায়।
৬) উচ্চ ৰক্তচাপ ৰোগত জেতুকাৰ পাত বটি ভৰিৰ তলুৱাত লগাব লাগে।
৭) জেতুকা গছৰ ছাল জণ্ডিচ আৰু লিভাৰৰ সমস্যাত ব্যৱহাৰ কৰা হয়।
৮) জেতুকাৰ পাত বটি নিয়মীয়াকৈ চুলিত ব্যৱহাৰ কৰিলে অকালতে চুলি পকা, চুলি সৰা, উফিৰ সমস্যা হ্ৰাস পায়।
৯) ২৫০ গ্ৰাম নাৰিকল তেলৰ লগত এমুঠি জেতুকাৰ পাত উতলাই ঠাণ্ডা কৰি এটা পাত্ৰত ভৰাই থ’ব। এই মিশ্ৰণটো দৈনিক চুলিত লগালে শুকাই শক্তিশালী হৈ উঠে।
হাতৰ ৰং হিচাপে জেতুকাৰ অসমীয়া প্ৰস্তুত প্ৰণালী- জেতুকাৰ ৰং গাঢ় কৰিবলৈ জেতুকা পাতৰ লগতে পকাপান , ঠেকেৰা টেঙা, বৰ্হমথুৰিৰ কুঁহিপাত, মধুৰিআমৰ কোঁহ, খেৰেজু টেঙা, কেঁচা হালধি, ডালিমৰ কোঁহ আদি ঔষধি মিহিকৈ বটি হাতৰ তলুৱাত বহলাই দি ওপৰত এৰা গছৰ পাত এখিলা(আজি কালি পলিথিনো ব্যৱহাৰ কৰা হয়) দি মুঠি মাৰি বান্ধি ৪ ঘণ্টামান ৰাখিলে ৰং ধৰে। বান্ধ খোলাৰ পাছত মিঠাতেল সানিব লাগে।
প্ৰাকৃতিকভাৱে চুলিৰ ৰং গাঢ় কৰিবলৈ প্ৰস্তুত প্ৰণালী- জেতুকা পাত, কণী, দুচামুচ কফি, দুচামুচ চেনী, দুচামুচ মৌ, দৈ, চাহপাতৰ সিজোৱা পানীৰ লগত মিহলাই এৰাতি তিয়াই ৰাখিব লাগে। পিছদিনা পুৱাই সেই মিশ্ৰণ চুলিত লগাই দুঘণ্টা ৰাখি পানীৰে পৰিষ্কাৰকৈ ধুই পেলাব লাগে। সিদিনা ৰাতি মূৰত তেল সানি পিছদিনা শ্বেম্পু কৰিব লাগে। এইদৰে ১৫ দিনৰ মূৰে মূৰে কৰিলে দেখিব চুলিৰ সুন্দৰ ৰং ধৰিছে। লগতে চুলি সৰা বন্ধ হ’ব, উফিৰ সমস্যাও দূৰ হ’ব।
বৰ্হমথুৰি- বৰ্হমথুৰি অতীজ অসমৰ এবিধ প্ৰসাধন সামগ্ৰী আছিল। আগৰ দিনত প্ৰাকৃতিকভাৱে ওঁঠত ৰং বোলাবলৈ বৰ্হমথুৰি বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাৱে বিহু নাঁচোতে নাচনীয়ে ওঁঠত বৰ্হমখুৰিৰ বোল সানি লৈছিল। বৰ্হমথুৰিৰ বোল সম্পূৰ্ণ ৰঙা নহয় অলপ ক’লা মিহলি ৰঙা। বৰ্হমথুৰিৰ কুমলীয়া পাত বা খুৰি তামোলৰ লগত বা শুদাকৈ চোবালে ওঁঠ আৰু জিভাত ৰঙচুৱা ক’লা ৰঙ ধৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে প্ৰাকৃতিকভাৱে ওঁঠ বুলোৱা বৰ্হমথুৰিৰ ঠাই ল’লে আজিৰ লিপষ্টিকে।বৰ্হমথুৰি গছ অসমৰ ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি জিলাত পোৱা যায়। বৰ্হমখুৰি দীঘল দীঘল পাতেৰে খুৰি মেলা এবিধ আওকাঠী গছ। ইয়াৰ কাঠ কোমল আৰু পাতল কিন্তু মিহি। আগৰ দিনত ইয়াক কটাৰীৰ নাল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বৰ্হমথুৰিৰে ওঁঠ বোলোৱাৰ উপৰিও এই গছৰ কুমলীয়া আগটো বহাগ বিহুৰ বিহুৱতীৰ হাতত বোলাবৰ বাবে জেতুকা পাতৰ লগত মিহলি কৰি খুন্দি লৈছিল।
বৰ্হমথুৰি গছৰ ঔষধি গুণো আছে। বৰ্হমথুৰিৰ পাতৰ কুমলীয়া আগ দিনে দুই-তিনিবাৰকৈ চোবালে দাঁতৰ পায়েৰিয়াৰ সমস্যা দূৰ হয়। বৰ্হমখুৰি গছৰ কুমলীয়া পাতৰ সতেজ ৰস দিনে দুচামুচকৈ খালে গেছ আৰু এছিডিটিৰ সমস্যা দূৰ হয়। বৰ্ত্তমান বৰ্হমথুৰি গছ বেছিকৈ দেখিবলৈ পোৱা নাযায়।
ছালকুঁৱৰী বা এলোভেৰা- সৌন্দৰ্য চৰ্চাত ছালকুঁৱৰীৰ এখন বিশিষ্ট আসন আছে। ছালকুঁৱৰী বা এলোভেৰা আমাৰ অসমত বহুতে ফুল হিচাপে বাৰাণ্ডাত ফুলৰ টাবত লগোৱা দেখা যায়। ছালকুঁৱৰী একৰ পৰা দুই ফুট ওখ হয়। ছালকুঁৱৰী ব্যৱহাৰ কৰিলে চুলি সৰা আৰু পকা সমস্যা কম হয়। ইয়াৰ কাৰণে এলোভেৰাৰ (ছালকুঁৱৰী)পূৰঠ পাত কাটি তাৰ ভিতৰৰ জেলি(বিজলুৱা দ্ৰৱ্য) উলিয়াই লৈ চুলিত সানিব লাগে। চুলিত এই বিজলুৱা দ্ৰৱ্য সানি লৈ এঘণ্টাৰ পিছত শ্বেপুৰে ধুই পেলাব।
আয়ুৰ্বেদ শাস্ত্ৰত এলোভেৰাক ঘৃতকুমাৰী বুলি জনা যায়। ছালকুঁৱৰীৰ ৰসত প্ৰায় দুশবিধতকৈও বেছি ঔষধি উপাদান আছে। ইয়াৰ জেল, ৰস আদি বিভিন্ন ঔষধ আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। প্ৰসাধন সামগ্ৰীৰ উপৰিও বিভিন্ন ৰোগ আৰু শক্তি বৰ্দ্ধক টনিক প্ৰস্তুত কৰাতো ছালকুঁৱৰী ব্যৱহাৰ কৰা হয়। ইয়াক মইশ্বাৰাইজাৰ, চাবোন, চানস্ক্ৰীণ, লোচন, শ্বেপু আদিতো ব্যৱহাৰ কৰে। ছালকুঁৱৰীয়ে ছাল মসৃণ আৰু সতেজ কৰি নিমজ কৰি তোলে।ছালকুঁৱৰীয়ে আঘাতপ্ৰাপ্ত স্থান ,ক্ষতস্থান সোনকালে শুকুৱাব পাৰে, সেয়ে Healing plant বুলিও জনা যায়। ছালকুঁৱৰীয়ে মুখৰ ছাল সোটোৰা সোটোৰ পৰা দোষ দূৰ কৰি ছাল মসৃণ কৰাৰ উপৰিও গালৰ চিকমিকনি ধৰি ৰাখিব পাৰে।
আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত ছালকোঁৱৰীক পেটৰ বিষ , প্ৰস্ৰাৱ কৰোঁতে কষ্ট হোৱা, কৃমি ৰোগ , যকৃত প্লীহা বৃদ্ধি, শুক্ৰদোষ আদিত ব্যৱহাৰ কৰা হয়। ই গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু গৰ্ভাশয়ৰ পৰা সন্তান বাহিৰ হোৱাত সহায় কৰে।
– ছালকুঁৱৰীক জ্বলন বা পোৰা, গাঁঠিত মোচোকা খোৱা, বগাস্ৰাৱ, জণ্ডিচ, কোষ্ঠকাঠিন্য , ভোক নলগা, গেচ আদি সমস্যাত ব্যৱহৃত হয়।
– জুয়ে পুৰিলে ছালকুঁৱৰীৰ ৰস বা পাতৰ খেতেলা অংশ ব্যহ্যিকভাৱে লগাবলৈ বিধান দিয়ে।
– গাঁঠিত মোচোকা খালে ছালকুঁৱৰীৰ ৰস বা পাতৰ খেতেলা অংশ আক্রান্ত স্থানত দিনে দুই তিনিবাৰ ঘঁহিব দিয়া হয়।
– ছালকুঁৱৰী পাতৰ ৰস ২ৰ পৰা ৪ চামুচ প্ৰতিদিনে খুৱালে জণ্ডিচ ৰোগ উপশম হয়।
– যকৃত প্লীহাজনিত ৰোগত ,মহিলাসকলৰ মাহেকীয়া সমস্যাত পাতৰ ৰস ২ৰ পৰা ৪ চামুচ, কেঁচা হালধীৰ ৰস ২ ৰ পৰা ৪ চামুচ একেলগে মিহলাই খুওৱা হয়।
– ছালকুঁৱৰীয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
– বৰ্ধিত লিপিড সহজেই নিয়ন্ত্ৰণ কৰে বাবে হাইপাৰলিপিডেমিয়া ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
গতিকে বহাগ বিহুৰ লগত সংগতি ৰাখি জেতুকা , এলোভেৰা ইত্যাদি প্ৰাকৃতিক উপদানেৰে সৌন্দৰ্য চৰ্চা কৰি নিজকে আকৰ্ষণীয় ৰূপত সজাই তোলো আহক।
ডাঃ বিজিতা চুতীয়া
বি.এ. এম.এচ., এম.ডি.( আয়ুৰ)
আয়ুৰ্বেদিক বিশেষজ্ঞা