বলৎকাৰ অথবা ধৰ্ষণ এক মানসিক ব্যাধি নেকি ?
দেবর্ষি গৌতম, বনগাঁও
বিকৃত মানসিকতাৰ একাংশ লোক আমাৰ সমাজতে বসবাস কৰে। যিসকল লোকে ধাৰাবাহিক ভাবে আমাৰ সমাজত কলংক সানি আহিছে। বিকৃত মানসিকতাৰ যিসকল লোক আছে তেনে লোকসকলৰ চিন্তাবোৰ সাধাৰণ মানুহৰ সাধাৰণ চিন্তাৰ দৰে নহয়। প্ৰতিটো সময়তে তেনে লোকসকলৰ মগজটোত পাশবিক কিছুমান চিন্তাই ক্ৰিয়া কৰি থাকে। এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীয়ে শাৰীৰিক সম্ভোগ কৰাটো কোনো ডাঙৰ কথা নহয় অথবা কোনো নতুন কথা নহয়। এই প্ৰক্ৰিয়াটো আদিম যুগৰ পৰা আজিলৈকে চলি আহিছে। কিন্তু যদি কোনো এগৰাকী নাৰীৰ সন্মতি অবিহনে কোনো এগৰাকী পুৰুষে সেই নাৰী গৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্ভোগ কৰিবলৈ উদ্যত হয় তেনেহলে সেয়া কিন্তু আইনমতে নিশ্চিতভাৱে এক অপৰাধ। এনে কৰ্মক আমি এটা শব্দত বলৎকাৰ নাইবা ধৰ্ষণ বুলি অভিহিত কৰোঁ। বলৎকাৰ অথবা ধৰ্ষণৰ দৰে কাৰ্য্য সংঘটিত কৰিব পৰা এগৰাকী লোকৰ মানসিকতাৰ সৈতে অন্য এগৰাকী সাধাৰণ লোকৰ মানসিকতা কোনো কাৰণতে একে হব নোৱাৰে। নিজৰ যৌন ক্ষুধা পূৰণৰ বাবে এগৰাকী মহিলাক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব পৰা যিকোনো এগৰাকী লোক কিন্তু প্ৰকৃতাৰ্থত এগৰাকী মানসিক ৰোগী। আমাৰ সমাজৰ প্ৰতিগৰাকী লোকে কিছুমান কামৰ জৰিয়তে নিজৰ মানসিক প্ৰশান্তি লাভ কৰে। কোনো লোকে যদি ফুৰি মানসিক প্ৰশান্তি লাভ কৰে আন কোনোবাই আকৌ আনক সহায় কৰি মানসিক প্ৰশান্তি লাভ কৰে, আন কোনোবাই আকৌ সুস্বাদু খাদ্য খাই মানসিক প্ৰশান্তি লাভ কৰে। সকলো ব্যক্তিৰে মানসিক প্ৰশান্তি লাভ কৰাৰ ধৰণ বেলেগ বেলেগ। কিন্তু আমাৰ সমাজত এনে কিছুমান লোকো আছে যিবোৰ লোকে সাধাৰণ কৰ্মৰ জৰিয়তে মানসিক প্ৰশান্তি লাভ কৰাৰ বিপৰীতে এনে কিছুমান কৰ্মৰ জৰিয়তে প্ৰশান্তি লাভ কৰে যিবোৰ কৰ্ম কৰাটো সাধাৰণ মানুহৰ বাবে সপোনৰো অগোচৰ। এনে লোকসকলৰ কোনোৱে যদি অন্য মানুহৰ কষ্ট দেখি মানসিক প্ৰশান্তি লাভ কৰে, আন কোনোবাই আকৌ মহিলাক শাৰীৰিক নিৰ্যাতন চলাই মানসিক প্ৰশান্তি লাভ কৰে। এনেধৰণৰ মানসিকতা লৈ অতি সাধাৰণ জীৱন-যাপন কৰি থকা সেই লোকসকল একো একোজন মানসিক ব্যাধিত আক্রান্ত লোক। যিসকল লোকক অতি সহজতে চিনাক্ত কৰাটো অতিকৈ কঠিন কাম। কেৱল মগজুৰ বিকৃতি ঘটা ব্যক্তিসকলে আমাৰ সমাজত পাগল অথবা মানসিক ভাৰসাম্য নোহোৱা ব্যক্তি বুলি আমি অভিহিত কৰো। কিন্তু মগজুৰ বিকৃতি নোহোৱা একাংশ এনে লোক আমাৰ সমাজত বাস কৰে যিসকল লোকৰ কেৱল মানসিক ভাৰসাম্যৰ সন্তোলন কিছু পৰিমানে বিকৃত। এনে মানসিক ব্যাধিৰ লোকসকলে যিবোৰ ঘটনা সংঘটিত কৰে সেই সকলোবোৰ কিন্তু সম্পূৰ্ণ নিজৰ বিবেক আৰু বৃদ্ধিৰ জৰিয়তে কৰে। যিহেতু এনে লোকসকলৰ মগজুত কোনো বিকৃতি নাথাকে গতিকে সম্পূৰ্ণ সুস্থ মগজুৰে নিজৰ কৰিবলগীয়া কামখিনি কৰি গৈ থাকে। যিকোনো মহিলাৰ সৈতে নিজৰ যৌন ক্ষুধা পূৰণ কৰিব বিচৰা ব্যক্তি এগৰাকীৰ মানসিকতা এক মানসিক ব্যাধি বুলি অভিহিত কৰিব পাৰি কিন্তু নিজৰ সেই ক্ষুধা পূৰণৰ বাবে মহিলা এগৰাকীক কোন স্থানত, কোন সময়ত নিজৰ চিকাৰ হিচাপে নিৰ্বাচন কৰিব সেয়া এগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ সুস্থ মাগজুৰে চিন্তা কৰে। চিকাৰ হিচাপে নিৰ্বাচন কৰাৰ পিছত মহিলা গৰাকীয়ে কি কৈছে, কি বিচাৰিছে সেয়া শুনিবলৈ অথবা জানিবলৈ সেই ব্যক্তিসকলৰ হৃদয়ত অকণো মানৱীয়তা জীয়াই নাথাকে। সেইখিনি সময়ত সেই ব্যক্তিসকল এক হিংস্ৰ জন্তুলৈ নিজকে ৰপন্তৰিত কৰি পেলাই। সুস্থ মগজুৰ এনে বিকৃত মানসিক ব্যাধি যদি আমাৰ সমাজৰ পৰা দূৰ কৰিব পৰা নাযায় তেনেহলে মহিলাৰ সুৰক্ষা কেতিয়াও সম্ভৱ হৈ নুঠিব। এনে বিকৃত মানসিকতাৰ লোকসকলক নাকী লগোৱাৰ একমাত্ৰ উপায় হৈছে কঠোৰ আইন প্ৰণয়নৰ জড়িয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা। যিমান ডাঙৰ মানসিক ৰোগী হলেও কিন্তু দেহৰ আঘাত সকলোৱে চিৎকাৰ কৰি উঠে। গতিকে এনে মানসিক ব্যাধি সমূহ সমাজৰ পৰা নিৰ্মূল কৰাটো অতিকৈ প্ৰয়োজনীয়। বলৎকাৰ অথবা ধৰ্ষণৰ দৰে মানসিক ব্যাধি যদি আমি আমাৰ সমাজৰ পৰা দূৰ কৰিব নোৱাৰো তেনেহলে কোনো মহিলা মুক্তমনে ৰাজপথত বাদেই নিজৰ ঘৰটো সুৰক্ষিত হৈ নাথাকিব। প্ৰতিটো পলতে মহিলা সকলৰ নিজৰ জীৱন আৰু যৌৱনৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈ থাকিব। ধৰ্ষণৰ দৰে জঘন্য অপৰাধত অভিযুক্ত অপৰাধীক এনেধৰণৰ শাস্তি প্ৰদানৰ ব্যৱস্থা থাকিব লাগে যাতে সেই শাস্তি প্ৰত্যক্ষ কৰি অন্য কোনোৱে সেই জঘন্য কাম কৰিবলৈ এশবাৰ ভাবিবলৈ বাধ্য হয়। সুস্থ মগজুৰ মানসিক ব্যাধিত আক্ৰান্ত লোকসকলৰ বিৰুদ্ধে যদি কঠোৰৰ পৰা কঠোৰতম আইনৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ ব্যৱস্থা নাথাকে তেনেহলে আমাৰ সমাজত নাৰী অথবা মহিলাৰ সুৰক্ষা আৰু স্বাধীনতা নিশ্চিত কৰাটো কেতিয়াও সম্ভৱ হৈ নুঠিব।