বন্ধুত্ব – এছ ইছলাম

বন্ধুত্ব
এছ ইছলাম, শিক্ষক, বৰপেটা
দুটি প্ৰাণৰ আধ্যাত্মিক বন্ধন
নাই য’ত অকণো স্বাৰ্থৰ প্ৰয়োজন
গঢ়ি উঠে এক মহা সম্পর্ক
নিজৰ প্ৰাণ দিয়ে বিসৰ্জন
বিপদত ৰক্ষা কৰে বন্ধুৰ জীৱন।
বন্ধুত্বৰ কাৰণেই সৃষ্টি হৈছে
বিশাল জগতৰ চন্দ্র, সূৰ্য, গ্ৰহ,তৰা
সেউজীয়া এই বিনন্দীয়া বসুন্ধৰা
পাহাৰ-পৰ্বত নদ-নদী গছ-গছনি
সপ্তখণ্ড আচমান কিম্বা জমিন।
বন্ধুত্ব বিহীন বৃথা এই জীৱন
বন্ধুত্ব বাবেই সাফল্য অর্জন
কুৰুক্ষেত্ৰ ৰণত বিজয়ী পাণ্ডৱগণ
মহাভাৰতৰ কৃষ্ণাৰ্জুন তাৰেই প্ৰমাণ।