বন্দী
গতানুগতিক আৰু জীৱন।
বৰ্তমান হৈ হৈ অতীত।।
হঠাৎ থমকি ৰওঁ মই এন্ধাৰ ৰাতি ।
চাৰিওফালে উকা উকা লগা এখন পৃথিৱী ।।
কিন্তু যেতিয়া জোনাকৰ তিৰবিৰনিত পথাৰৰ শস্য বোৰ সোণ গুটি হৈ জিলিকি উঠে,
ফিৰ ফিৰিয়া বতাহজকত মন প্ৰাণ সজীৱ হৈ পৰে ।
মই আকৌ ভাবিবলৈ বাধ্য হওঁ
আমি যেন বন্দী হৈ ও আজি স্বাধীন।
ইন্দ্ৰজিৎ বুঢ়াগোহাঁই
ডিব্ৰুগড়