বনভোজ শীতৰ এক আমেজ
অনামিকা( সংগীতা )কলিতা ,শুৱালকুছি
বনভোজ নামটোৱে এছাটি শীতল বতাহ কঢ়িয়াই লৈ আহে আমাৰ জীৱনত ।ব্যস্ততাৰ পৃথিৱীখনত যান্ত্ৰিকতাৰ জীৱনৰ অকণমান অৱসাদ দূৰ কৰা মাধ্যম হ’ল বনভোজ বা পিকনিক। ভাগৰুৱা শৰীৰৰ বিশ্ৰাম লৈ অলপ সজীৱ ভাৱ আনিবলৈ আপোন পৰিয়ালৰ সৈতে বা বন্ধু-বান্ধৱীৰ সৈতে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইত এসাজ খোৱা অকণমান ৰং-ধেমালি কৰাৰ সুবিধা লাগে। শীতৰ কুঁৱলি পৰা মায়াময় পৰিৱেশৰ মাজত জুইৰ আমেজ লোৱা আলু পুৰি খোৱা এই সকলোবোৰ বিচাৰি পাওঁ বনভোজৰ যোগেদি কাৰণ গাঁওত বা চহৰত বৰ্তমান সেই পৰিৱেশ দুৰ্লভ হৈ পৰিছে।
কিছুদিনৰ পিছত সেউজীয়া পৃথিৱী খনলৈ আকৌ নতুন বছৰ আহিব । আমাৰ জীৱনৰ পৰাও এটা বছৰ মেলানি মাগিব আৰু এটা বছৰৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ কৰি তুলিব কিছু স্মৃতি হৃদয়ত খোদিত হ’ব সময়ে দি যাব সকলোবোৰৰ সমাধান । গতিকে আত্মীয় বন্ধু-বান্ধৱী সৈতে সকলো মিলি প্ৰাকৃতিক পৰিবেশৰ মাজত লগে ভাগে এসাজ তৃপ্তিৰে খোৱা মন প্ৰাণ সজীৱতা আনি দিয়ে। কাৰণ বৰ্তমান ব্যস্ততাৰে ভৰা যান্ত্ৰিকতাৰ জীৱনত অকণমান মুকলি আকাশৰ তলত অলপ বিশুদ্ধ বায়ুৰ খুবেই প্ৰয়োজন আছে। এগৰাকী দাৰ্শনিক কৈছিল–সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। তাৰ কাৰণে নিজৰ মনটোক এটা সুস্থিৰ পৰিবেশত সময় পালেই কটাব লাগে।
নতুন বছৰক উলাহ-মালাহেৰে আদৰাৰ সময় পুৰণি বছৰটোৰ কিছু আপুৰুগীয়া স্মৃতি হৃদয়ত থাকে সেইখিনি বনভোজৰ পৰিৱেশত পোৱা যায়। উলাহ-মালাহেৰে প্ৰকৃতিৰ মাজত হাঁহি-ধেমালিৰ কিছু ক্ষণ আপোন সকলৰ লগত কটাও মিলিত হৈ বনভোজৰ যোগেদি মৰমৰ এনাজৰী অনুভৱ কৰো ।এয়া জীৱনৰ মাদকতা –
কিন্তু বনভোজ যাওঁতে সদায় মনত ৰাখিব লাগিব যি ঠাইত গৈ উপভোগ কৰে সেই ঠাইখিনি পৰিস্কাৰ কৰাৰ দায়িত্বও আছে।কাৰণ সেই ঠাইডোখৰ পৰিস্কাৰ পৰিচ্ছন্ন কৰি থৈ আহিলেহে বেলেগ আকৌ কোনোবা গ’লে বিৰক্তি অনুভৱ নকৰে ।প্ৰফুল্ল মনেৰে তেওঁলোকেও লগেভাগে এসাজ খাব পাৰে তেতিয়া বনভোজৰ শান্তিপূৰ্ণ পৰিৱেশ পাব ।বনভোজ খাবলৈ গ’লে ঠাইখিনিৰ সম্পূৰ্ণ তথ্য লোৱাৰ লগতে প্ৰাথমিক চিকিৎসাৰ সাধাৰণ বস্তু কেইপদ আৰু শাৰিৰীক মানসিক ভাবে সুস্থ সবল গাড়ীচালককহে নিব লাগে।