বনভোজ – এছ ইছলাম

PC - Shutterstock
বনভোজ
এছ ইছলাম, বৰপেটা
ইংৰাজী নতুন বছৰৰ আৰম্ভণিত
শীতৰ সেমেকা দিৱসত
শিক্ষিত সমাজত
সেৰেঙা কামৰ সময় খিনি
বন্ধু-বান্ধৱী, শিক্ষক-সহকৰ্মী সকল
ঐতিহাসিক কীৰ্তি-চিহ্ন সমূহ চোৱাৰ
প্ৰৱল হেঁপাহ অন্তৰত
উঠে সাৰ পাই।
নজনা ঠাই চাবলৈ
নেদেখা ঠাই দেখিবলৈ
সু-সজ্জিত সু-সংগঠিত হৈ
মুক্ত আকাশৰ তলত
আকাংখিত মাছ-মাংসৰে
এমুঠি ভাত খোৱা
মাৰ্জিত ভাৱে নাচগান গোৱা
সকলোৰে কাম্য সেয়ে বনভোজ।
কিন্তু আজি কালি এজাক
ন ডেকা-গাভৰুৰ মাজত
কু-ৰুচিপূৰ্ণ নাচগান কৰা
তেনেই নিন্দনীয়,
তেনে কামৰ পৰা আমি
বিৰত থকা উচিত।
কুৰুচিপূৰ্ণ নাচগানে
ল’ৰাছোৱালীৰ চৰিত্ৰ স্খলন।