বতৰৰ ফলত হোৱা বেমাৰ আৰু তাৰ পৰা সকাহ পোৱা কেইটামান ঘৰুৱা দিহাপৰামৰ্শ – লখিমী শৰ্মা

বতৰৰ ফলত হোৱা বেমাৰ আৰু তাৰ পৰা সকাহ পোৱা কেইটামান ঘৰুৱা দিহাপৰামৰ্শ 
লখিমী শৰ্মা ,যোৰহাট 
গৰমৰ দিনৰ পৰা ঠাণ্ডা হোৱা বা গৰমৰ দিনত বতৰ ডাৱৰীয়া হোৱাৰ ফলত আমাৰ শৰীৰটোত নানা ৰোগে দেখা দিয়ে আৰু আমি সেই ৰোগটোৰ প্ৰতি সজাগ হৈ সাৱধানতা অৱলম্বন নকৰিলে শৰীৰটো বহুত বেছিকৈ দুৰ্বল হৈ বেমাৰৰ সৃষ্টি কৰে । যাৰ কাৰণস্বৰূপে ইয়াৰ জগৰীয়া আমি নিজেই । গৰমেই হওঁক বা ঠাণ্ডাই হওঁক আমি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগে । জ্বৰ , কাঁহ , চৰ্দি আদি হ’লে চিকিৎসকক দেখাই ঔষধ সেৱন কৰাতকৈ ঘৰতে উপলব্ধ বা হাততে ঢুকি পোৱা কিছুমান ঔষধ আমি নিজেই ঘৰুৱাভাৱে প্ৰস্তুত কৰি সেৱন কৰি সুস্থ হৈ উঠিব পাৰোঁ । এনে কিছু ৰোগৰ সন্মুখীন হ’লে গৰম পানী খাব লাগে , গৰম পানীত অলপমান নিমখ দি  হাত , ভৰি ধুব লাগে । নহৰু কেইটামান খুন্দি লৈ মিঠাতেল অকণমানত মিলাই লৈ অলপ গৰম কৰি হাত , ভৰিত মালিচ কৰিব লাগে । তুলসী পাত কেইটামান পিচি লৈ তাত মৌজুল মিলাই খাব লাগে । গৰম পানী কৰি তাত বজাৰত উপলব্ধ মেনথলৰ গুড়ি মিলাই সেই পানীখিনি কিছু সময় গোন্ধ ল’লে চৰ্দিৰ পৰা সকাহ পোৱা যায় । পুৱা শুই উঠি গৰম পানী খোৱা কৰিব লাগে । জ্বলা মচলাযুক্ত খাদ্যৰ পৰা বিৰত থাকিব লাগে । জালুকৰ জ্বলা খোৱা কৰিলে গাৰ বিষ , বেমাৰ ব্যাধি নিমিষতে নোহোৱা হয় । মূৰৰ বিষৰ প্ৰধান কাৰণ হ’ল ভালকৈ টোপনি নমৰাৰ বাবে । নিয়মিতভাৱে সোনকালে টোপনি যাবলৈ চেষ্টা কৰিলে মূৰৰ বিষৰ পৰা সকাহ পাব পাৰি । পেটৰ জ্বলা পুৰা , গেচ , গেচটিক আদি হোৱাৰ কাৰণ হ’ল বেছিকৈ জ্বলা , মচলাযুক্ত খাদ্য খোৱাৰ ফলত । খোৱা খাদ্যৰ তালিকাত কেঁচা চালাড , টেঙা , তিতা খোৱা কৰিব লাগে । আৰু লগতে পুষ্টিকৰ খাদ্য খাব লাগে । সকলো বস্তুৰে একো একোটা গুণ আছে । সেউজীয়া শাক – পাচলি , গাখীৰ , বাদাম , ডালিম , বীট , ৰঙালাও , ৰঙা মৰিচা শাক ,  কচুশাক , কচু থোৰ , পচলা , কলডিল , বন শাক , নৰসিংহ , মানিমুনি , ভেদাইলতা , নিমপাত , শেৱালি ফুল , তিতা ফুল  আদি স্বাস্থ্যৰ কাৰণে বহুত ভাল । এইবোৰ খাদ্য খোৱা কৰি আমি আমাৰ স্বাস্থ্য নিৰোগী কৰি ৰাখিব পাৰোঁ ।