বতাহঘুলিত গণেশ পূজাৰ ৰূপালী জয়ন্তীৰ আয়োজন

বতাহঘুলিত গণেশ পূজাৰ ৰূপালী জয়ন্তীৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বতাহঘুলিস্থিত শ্ৰীশ্ৰী গণেশ পূজাৰ ৰূপালী জয়ন্তী ১১-১৪ ফেব্ৰুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে৷কাৰ্যসূচী অনুসৰি ১১ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ২৫ খন ধৰ্মধব্জা উত্তোলন,১০ বজাত ধৰ্মীয় শোভাযাত্ৰা,দিনৰ ১২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন,কবিতা আবৃত্তি,আকস্মিক বক্তৃতা প্ৰতিযোগিতা,সন্ধিয়া ৮ বজাৰ পৰা বৈজয়ন্তী নাথ তালুকদাৰ আৰু ৰাম চৰণ কলিতাৰ নাগাৰা নাম পৰিৱেশন৷১২ ফেব্ৰুৱাৰীত পুৱা ১০ বজাৰ পৰা ধৰ্মীয় নৃত্য প্ৰতিযোগিতা,দিনৰ ১১ বজাত হোম যজ্ঞ আহুতি প্ৰদান, দিনৰ ১ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা,নিশা ৯ বজাত জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাৰ সংগীতানুষ্ঠান৷১৩ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত হোম যজ্ঞ আহুতি প্ৰদান,১২ বজাত পুষ্পাঞ্জলি প্ৰদান,পূৰ্ণাহুতি,১ বজাৰ পৰা ৪ বজালৈ প্ৰসাদ,ভোগ,খিচিৰী বিতৰণ,নিশা ৯ বজাত ধৰ্মমূলক নাট্যাভিনয়৷১৪ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা শ্ৰীশ্ৰী সৰস্বতী দেৱীৰ পূজা,১১ বজাত আয়তীসকলৰ নাম প্ৰসংগ,১ বজাত ভোগ আৰু প্ৰসাদ বিতৰণ৷আটাইবোৰ কাৰ্যসূচীত উপস্হিত থাকিবলৈ ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ বায়ন আৰু সম্পাদক ধৰণীধৰ তালুকদাৰে অনুৰোধ জনাইছে৷