বটদ্ৰৱা থানা জ্বলাই দিয়াৰ ঘটনাক গৰিহণা এছইউচিআইৰ

pc twitter

বটদ্ৰৱা থানা জ্বলাই দিয়াৰ ঘটনাক গৰিহণা এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বটদ্ৰৱা থানা জ্বলাই দিয়াৰ ঘটনাক গৰিহণা জনাইছে এছইউচিআই(কমিউনিষ্ট)দলে৷ এক প্ৰেছ বিবৃতি যোগে অজিত আচাৰ্যই কয়- গণতান্ত্ৰিক পথেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সলনি এনেধৰণৰ হঠকাৰী কাৰ্যকলাপে কেতিয়াও কোনো কাংক্ষিত পৰিণাম কঢ়িয়াই নানে, বৰং তাৰ যোগেদি প্ৰতিক্ৰিয়াশীল শক্তিৰ হাত মজবুত কৰা হয় আৰু গণতান্ত্ৰিক আন্দোলনৰ পৰিৱেশ বিঘ্নিত হয় । এই ঘটনাৰ নিৰপেক্ষ তদন্ত ক্ৰমে প্ৰকৃত দোষীক ন্যায়িক বিচাৰ প্ৰক্ৰিয়াৰ যোগেদি শাস্তি বিহাৰ দাবী জনাই কোৱা হয় যে ইয়াৰ প্ৰতিক্ৰিয়া হিচাবে চৰকাৰ তথা পুলিচ প্ৰশাসনে যিদৰে ছালনাবড়ি গাঁৱৰ ম্যাদী মাটিত থকা ঘৰসমূহ বুলডজাৰৰে উচ্ছেদ কৰি ধ্বংসস্তূপত পৰিণত কৰিলে তাৰ যোগেদি ন্যায়িক বিচাৰ প্ৰক্ৰিয়াক পদদলিত কৰা হৈছে আৰু পুলিচৰ হাতত বিচাৰ নকৰাকৈ শাস্তি প্ৰদানৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হৈছে । তদুপৰি ছফিকুল ইছলামৰ আৰক্ষীৰ জিম্মাত অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ বিচাৰ বিভাগীয় তদন্ত ক্ৰমে দোষী পুলিচ বিষয়াৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই কোৱা হয় যে ইয়াৰ আগতে বৰ্তমান চৰকাৰৰ আমোলত অসমত আৰক্ষীয়ে নিৰপৰাধী লোকৰ ওপৰত নিৰ্যাতন চলোৱা , অভিযুক্ত ব্যক্তিক তথাকথিত এনকাউন্টাৰৰ নামত গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈ আছে ।  এনে পৰিস্থিতিত  মূল্যবৃদ্ধি সহ বিজেপি চৰকাৰ অপশাসনৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰচণ্ড ক্ষোভক বিপথে পৰিচালনা কৰাৰ বাবে চৰকাৰে বটদ্ৰৱা ঘটনাৰ নিৰপেক্ষ মূল্যায়নৰ ভিত্তিত বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ সলনি সাম্প্ৰদায়িক ৰহণ সানি পাৰস্পৰিক শান্তি – সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰাৰ চক্ৰান্তত নিয়োজিত হৈ আছে । ইয়াৰ বিৰুদ্ধে আৰু ৰাজ্যৰ বুকুত গণতান্ত্ৰিক বাতাবৰণ ৰক্ষা কৰাৰ বাবে আগুৱাই আহিবলৈ জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যৰ শুভবুদ্ধিসম্পন্ন ৰাইজৰ প্ৰতি আহ্বান জনোৱা হয় ।