বটদ্ৰৱাৰ ৰাজনীতিত চমকপ্ৰদ প্ৰৱেশ ঘটিছে তৃণমূল কংগ্ৰেছৰ

বটদ্ৰৱাৰ ৰাজনীতিত চমকপ্ৰদ প্ৰৱেশ ঘটিছে তৃণমূল কংগ্ৰেছৰ

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা– নগাঁও জিলাৰ প্ৰাক্তন এ আই ইউ ডি এফৰ নেতা ময়ূৰ মজুমদাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিয়েই এফালৰ পৰা খহাই গৈছে এ আই ইউ ডি এফৰ ভেটি।বটদ্ৰৱা সমষ্টিটোত দিনে নিশাই সভা সমিতি অনুষ্ঠিত কৰি এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ কৰ্মী সকলক দলে বলে তৃণমূল কংগ্ৰেছত যোগদান কৰোৱা পৰিলক্ষিত হৈছে।  বটদ্ৰৱা সমষ্টিটোৰ অন্তৰ্গত বৃহত্তৰ টুকটুকী অঞ্চলৰ পাগলা বজাৰ তিনি আলিত তৃণমূল কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈ যায়। তৃণমূল কংগ্ৰেছৰ জিলা সমিতিৰ উপ সভাপতি ছিদ্দিক খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত অঞ্চলটোৰ প্ৰায় ছয় শতাধিক পুৰুষ মহিলা কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে। আজিৰ এই যোগদান সভাখনত তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি ময়ূৰ মজুমদাৰ আৰু সম্পাদক ৰাইহান উদ্দিন উপস্থিত থাকি বিজেপি আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সকলো ৰাইজক তৃণমূল কংগ্ৰেছত যোগদান কৰি মমতা বেনাৰ্জীৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়।সভাখনত মহিলা সমিতিৰ উপ সভানেত্ৰী ৰাচিদা বেগম আৰু সম্পাদিকা চুলেমা খাতুন উপস্থিত আছিল।