বটদ্ৰৱাত ৫ শতাধিক কংগ্রেছ কৰ্মীৰ বিজেপিত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত পাঁচ শতাধিক কংগ্রেছ কৰ্মীৰ দলত্যাগ কৰি বিজেপিত যোগদান। যিটো নগাঁও-বটদ্ৰৱাৰ কংগ্ৰেছ শিবিৰৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। ভোমোৰাগুৰিৰ সদ্য প্রাক্তন পঞ্চায়ত সভাপতি গুলজাৰ হুছেইন, হাতেম আলী, শ্বৰীফ আলী, ইক্রামূল হুছেইন, আনোৱাৰ হুছেইনৰ নেতৃত্বত ৫ শতাধিক কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ৬০নং নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ শান্তিজান পাৰ গাঁৱত অনুষ্ঠিত যোগদান সভাখনত সভাপতিত্ব কৰে বিজেপিৰ বটদ্ৰৱা মণ্ডলৰ সভাপতি ৰাজেশ কোঁৱৰে। বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনহিতকৰ কাম-কাজৰ প্ৰতি গভীৰ আস্থাৰে ৫০০ শতাধিক কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰে। নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ কলিয়াবৰৰ প্ৰাক্তন সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰাৰ নিৰ্বাচনী জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা বটদ্ৰৱা ভোমোৰাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকলে দলত্যাগ কৰি আজি বিজেপিত যোগদান কৰাৰ পিছত নগাঁও বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু বসতিপ্রধান অঞ্চলটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দল একপ্ৰকাৰ নিশকতীয়া হৈ পৰিল বুলি দলত্যাগী প্রাক্তন কংগ্রেছীসকলে মত প্রকাশ কৰে। যোগদান সভাখনত উপস্থিত থাকি বিজেপিত যোগদান কৰা প্ৰতিগৰাকী নতুন সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই। বটদ্ৰৱা মণ্ডলৰ সভাপতি ৰাজেশ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপিৰ ১৬নং কাছামাৰী জিলা পৰিষদৰ সদস্য পদৰ মনোনীত প্রার্থী প্রাঞ্জল দাস, ৰাইদণ্ডীয়া বটদ্ৰৱা পঞ্চায়তৰ আঞ্চলিক সদস্যৰ মনোনীত প্রার্থী স্মৃতা বৰা, বটদ্ৰৱা মণ্ডল বিজেপিৰ সম্পাদক দুর্লভ বৰা, প্রাক্তন মণ্ডল সভাপতি পদ্ম বৰা, কল্যাণ কলিতা, প্রাঞ্জল কলিতা আৰু কেইবাশ দলীয় কর্মী উপস্থিত থাকে।