বটদ্ৰৱাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ` দিৱস পালন
আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বটদ্ৰৱাত সমগ্ৰ দেশৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ আতিথ্যত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কেন্দ্ৰীয়ভাৱে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি, পুৱা ৯-৩০ বজাত বন্তি প্ৰজ্বলন,৯-৪৫ বজাত সাংবাদিক সকলৰ চিনাকি পৰ্ব,১০ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা আৰু প্ৰশ্নোত্তৰ প্ৰতিযোগিতা আৰু ১১ বজাত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১২ বজাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত`সাংবাদিকতাৰ ইতিহাস, বৰ্তমান আৰু নিৰাপত্তাহীন ভৱিষ্যত`বিষয়ৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ টোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাতুল বৰা,আলোচক হিচাপে উপস্থিত থাকে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা, কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড° আশ্ৰফ ওৱাহিদ আৰু ইংৰাজী দৈনিক কাকত দ্যা আছাম ৰাইজিংৰ কাৰ্যবাহী সম্পাদক দুলাল মিশ্ৰ।উক্ত অনুষ্ঠানতেই সাংবাদিকতা, শৈক্ষিক আৰু সমাজৰ দায়ৱদ্ধ ব্যক্তি টুকটুকী প্ৰেছ ক্লাবৰ সভাপতি তথা অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক জালাল উদ্দিন আহমেদ, অসমীয়া খবৰ কাকতৰ ডুমডুমিয়াৰ সংবাদ দাতা তথা আছাম টকচৰ সাংবাদিক ছাইফুল ইছলাম আৰু ধিঙৰ ডি ৱাই 365 ৰ সাংবাদিক ৰাজীব নেওঁগ কে আদি কৰি কেবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।আজিৰ এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানটোত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু ২৩ খন জিলা সমিতিৰ একাংশ বিষয়-ববীয়াৰ লগতে শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় আৰু কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত আছিল।