বংশৰ আপোন সকলক এৰি উভতিল বংশধৰঃ নিৰৱ হ’ল চাওবিন ক্ষেত্ৰ

বংশৰ আপোন সকলক এৰি উভতিল বংশধৰঃ নিৰৱ হ’ল চাওবিন ক্ষেত্ৰ
আহোমসকল পৰম্পৰা মানি চলা জাতিঃ পদ্মশ্ৰী ড° যোগেন্দ্ৰনাথ ফুকন
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  এফালে বংশৰ আপোনজন তথা আপোন পৰিয়ালবোৰ আৰু আনফালে বংশাৱলী পৰিক্ৰমাত পুনৰবাৰ মিলিত হোৱাৰ সংকল্প । এই পৰিৱেশৰ মাজেদিয়েই মাথোন তিনিদিনীয়া কাৰ্য্যসূচীৰে বৰগোহাঞি বংশধৰ সকলৰ পৱিত্ৰ সন্মিলনৰ মঞ্চ বংশাৱলীৰ গতিক চিৰ সঞ্জীৱিত কৰি ৰখাৰ সংকল্প লৈ বাৰে বাৰে দোহাৰি গ’ল “বৰগোহাঞি বংশাৱলী – পে-অং-লে, পে-অং-লে”  আৰু “ৰং-বয়-বয়” উচ্চাৰণ কৰি জনাই গ’ল  বিদায় সম্ভাষণ ।সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাঙ্গ অধিবেশনৰ ২৯ জানুৱাৰী তথা অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ পিচত বিয়লি ভাগলৈ অনুষ্ঠিত হয় মুকলি সভা ৷ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অন্যতম গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা বৰগোহাঞি বংশধৰ সকলে অনুষ্ঠিত কৰা বংশাৱলীৰ শতবৰ্ষীয় অধিবেশনৰ শোভাযাত্ৰাই মেছাগড়ৰ চাওবিন ক্ষেত্ৰৰ পৰা জয়সাগৰ, শিৱসাগৰ, চেৰেকাপাৰ, গড়গাঁও আৰু নাজিৰা নগৰ হৈ পুনৰ মেছাগড়ৰ উদযাপন স্থলীত প্ৰৱেশ কৰে ।  শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে ৷ শতাধিক বাহনত উঠি পুৰুষ- মহিলা, জীয়ৰী- বোৱাৰী, যুৱক- যুৱতী সকলৰ অংশগ্ৰহণত টাই -আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতি, আহোমৰ ৰাজসভা, ম’হ যুঁজ, বয়ন- শিল্প, বৰটোপ, হেংদাং, জনগোষ্ঠীয় সাজপাৰ, লাই – ল্যুঙ – খাম, বিহু, ফুৰালুং আৰু চকলং বিবাহকে ধৰি ধৰ্মীয় পৰম্পৰাক প্ৰতীকিৰূপত  উপস্থাপন কৰি  সকলো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ বিয়লিলৈ সদৌ বৰগোহাঞি বংশাবলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহাঞিৰ সভাপতিত্বত শতবর্ষীয় বৰগোহাঞি বংশাবলীৰ পূর্ণাঙ্গ অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মেছাগড়, মাদুৰি আৰু মঠিয়াছিগাৰ এশ গৰাকী জীয়ৰী- বোৱাৰীয়ে সমবেত সংগীত পৰিবেশন কৰে ৷ সম্পাদক দিগন্ত বৰগোহাঞিয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত  বিশিষ্ট বুৰঞ্জীবিদ  পদ্মশ্রী ড° যোগেন্দ্র নাথ ফুকনে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি  ভাষণ প্ৰসঙ্গত কয়,”আহোম সকল পৰম্পৰা মানি চলা জাতি । সুস্থ সমাজ ব্যৱস্থাক জীয়াই ৰাখিবলৈ এই প্ৰমূল্যবাহী পৰম্পৰা সমূহে উৎসাহ যোগাই আহিছে বাবেই প্ৰাচীন হ’লেও ইয়াৰ গুৰুত্ব অপৰিসীম হৈ ৰৈছে আৰু বহু পৰিয়ালত অলক্ষিতে দৃষ্টিত পৰি আহিছে ।”  অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়াই  সাংবাদিক তথা এনডি-২৪ ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুঙ বৰুৱাই কয়,” ছশ বছৰীয়া আহোম ৰাজত্ব কালত গঢ় লোৱা অসম ৰাজ্যখনৰ এক শক্তিশালী আৰু সাহসী ইতিহাস আছে । আজিৰ অসমত অসমীয়াই খেতিৰ উৎপাদন আৰু ব্যৱসায়-বাণিজ্য নকৰি কেৱল  “ইনকিলাৱ জিন্দাবাদ” ধ্বনি দি আন্দোলন কৰাত ব্যস্ত হৈ থকাৰ বাবেই বহিৰাগতৰ আগ্ৰাসন বাঢ়ি আহিছে।” তেওঁ লগতে কয় যে অসমীয়াই অসমত নিজৰ সবল শক্তিশালী উত্থান ৰাখিবলৈ হলে বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। ইয়াৰ ফলত অসমীয়া শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব। অসমৰ নৱ প্ৰজন্মই টাই ভাষাৰ চৰ্চা কৰিলে ৰাজ্য খনৰ সৈতে দক্ষিণ পূৱ এছিয়াৰ মাজত যি সম্পৰ্ক সৃষ্টি হ’ব সিয়েই অসমৰ পৰ্যটন ক্ষেত্ৰত বহু সম্ভাৱনাৰ  সৃষ্টি কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ সভাত সম্মানীয় অতিথি হিচাপে আহোম ৰাজপৰিয়ালৰ প্রতিনিধি আলোক নাৰায়ণ সিংহই অংশগ্ৰহণ কৰে   ৷ সভাত সদৌ বৰপাত্র গোহাঞি বংশাবলীৰ সভাপতি জিতেন বৰপাত্র গোহাঞি, আহোম সভাৰ সভাপতি সুশাংক নেওগ, সদৌ বুঢ়াগোহাঞি বংশাবলীৰ সাধাৰণ সম্পাদক ৰঞ্জন বুঢ়াগোহাঁই, অইল ইণ্ডিয়াৰ মুখ্য মহা প্রবন্ধক ত্রৈলোক্য বৰগোহাঞি, বিশিষ্ট বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোহাঞি,শিক্ষাবিদ বাপুৰাম বৰগোহাঞি  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।ইফালে ইয়াৰ পূৰ্বে অধিৱেশনস্থলীত নাম- প্ৰসংগ আৰু টাই মলুঙৰ দ্বাৰা জা-চিং- ফা  পূজা সম্পন্ন হয় ৷ সন্ধিয়া বন্তি প্রজ্বলনৰ পাছতে বৰগোহাঞি বংশৰ মন্ত্রী গোবিন বৰগোহাঞিৰ নামত উৎসর্গিত সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ সদৌ বৰগোহাঞি বংশাৱলীৰ সভাপতি মুহি বৰগোহাঞিৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত শিৱসাগৰ, যোৰহাট,গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, বিশ্বনাথ চাৰিআলি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আদিৰ বংশধৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে । সম্পাদক দিগন্ত বৰগোহাঁয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । ইয়াৰ পাচত অনুষ্ঠিত বিষয় বাচনি সভাত মুহি বৰগোহাঞি(ধেমাজি)ক দ্বিতীয়বাৰলৈ পুনৰ সভাপতি আৰু দ্বিজেন বৰগোহাঞি (মঠিয়াছিগা)ক সাধাৰণ সম্পাদক, অৰুণ বৰগোহাঞি (মেছাগড়) ক হিচাপ সংৰক্ষক হিচাপে বাছনি কৰি সদৌ বৰগোহাঞি বংশাৱলী কেন্দ্ৰীয় সমিতি নতুনকৈ গঠন কৰা হয় । পৰৱৰ্তী সদৌ বৰগোহাঞি বংশাৱলীৰ অধিৱেশনখন বৰগোহাঞি বংশাৱলীৰ এঙ্গেৰা আঞ্চলিক সমিতিৰ আমন্ত্ৰণ মৰ্মে ঐতিহাসিক চৰাইদেউত অনুষ্ঠিত হ’ব ।