বংশৰত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰথম বাৰ্ষিকী পালন
বিশ্বজিৎ বৈশ্য, বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত বংশৰ টেম্পু সন্থাৰ উদ্যোগত আৰু বংশৰবাসী ৰাইজৰ সহযোগত যোৱা ২২ জানুৱাৰী তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ প্ৰথম বাৰ্ষিকী বংশৰ তিনিআলি চকত পালন কৰা হয়।পুৱা ন বজাত প্ৰভু শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্হাপন কৰা হয়। দহ বজাত মূখ্য বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী বগাৰাম বৈশ্যই। উপস্থিত থাকে,বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল বৈশ্য, অৱসৰপ্ৰাপ্ত শিক্ষক কনক দাস, সমাজকৰ্মী দেবেন্দ্রনাথ কাকতি, গজনন চৌহান (RSS) , ক্ষিৰোদ বৈশ্যৰ লগতে বিশিষ্ট ব্যাক্তি সকল। সন্ধিয়া ৫ঃ৩০ বজাত ৰাজহুৱা বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী দ্বিজেন গোস্বামীয়ে। উক্ত অনুষ্ঠানটোৰ আত ধৰে শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ইন্দ্রকান্ত বৈশ্যই। বংশৰ টেম্পু সন্থাৰ সভাপতি নৃপেন দাস আৰু সম্পাদক দিলিপ কুমাৰ বৈশ্যই জানিবলৈ দিয়ে।