ফ্লেছবেক ওৱেলকাম – মাৰ্জিনা বেগম

ফ্লেছবেক ওৱেলকাম
মাৰ্জিনা বেগম, বৰপেটা
ফ্লেছবেক ওৱেলকাম
তোমাৰ আৰু মোৰ ।
ব্ৰহ্মপুত্ৰৰ খহনীয়া গৰাত
 মাৰ্কণ্ডৰ শুভাগমনৰ শুভ ক্ষণ
গাত মেৰিয়াই ৰূপালী চাদৰ,
দূৰৈৰ পৰাই চিঞৰত তুমি
“সৌৱা  ডলফিন ডলফিন”
মই দেখিছিলোঁ ৰ’দৰ জিলমিলনিতে
 লৌহিত্যৰ বুকুত বুটা বচা বোৱনী ।
 পাৰতে ৰিঙিয়াই নদীয়ালবোৰে
উৰুৱাই জাক জাক বনৰীয়া পক্ষী
 “আই-বোপাই  কিমান বেলি!”
 আঙুলিত সময় লেখি তুমি
“ইটচ্ ভেৰি লেট, গ’ বেক”
ডেকত ৰৈ দক্ষ নাৱিকৰ জবাব
  হা হা হা … কাল্পনিক ।
সৌন্দৰ্যৰ কাচঁলি উদঙাই তাতেই
হৃদয়ত ৰুইছিলোঁ এটি কবিতা মঞ্জৰী
শ্বাস্বত সময়ক অস্ত্ৰোপ্ৰচাৰ কৰি
বিয়লি বেলাত বুটলাৰ আপাহত
 অভিজ্ঞানৰ এটি দুটি কলি।