ফুল
অʼ মাঁ চোৱাচোন
ফুলবোৰ ফুলিছে সুগন্ধি বিলাই ,
এবাৰ ছিঙিব মন যায়
তগৰ , নাৰ্জী, খৰিকাজাঁই ।
নিছিঙিবা মাইনা
চোতালখন আছে ফুলনিয়ে শুৱাই ,
ফুলবোৰে খং কৰি
নুফুলিব দুনাই ।
ৰ’দ ওলালে পুৱাই
ফুলবোৰে মিচিকিয়াই ,
ফুল ফুলাৰ আনন্দত
ভোমোৰাই গুণ গুণাই
চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ ৭০৯৯৭ – ৯৬২৯৪