ফুলৰ দৰে হাঁহিব বিচাৰো – স্নিগ্ধা বৰুৱা

Pc Pinterest
ফুলৰ দৰে হাঁহিব বিচাৰো 
স্নিগ্ধা বৰুৱা,খনিকৰ গাওঁ
গোলাঘাট
হৃদয়ৰ দলিচাত সপোনৰ খলকনি,
পুৰ্ণতাপ্ৰাপ্তিৰ মৰিচিকাৰ
পিছত দৌৰি,
সময়ৰ প্ৰত্যাহ্বানকো
আওঁকান কৰি,
ক’ৰবাত যেন নিজকে
হেৰুৱাই দিও।
হাঁহিবোৰ মৰহি নগৈ,
ধৰি ৰখাৰ যেন গভীৰ হেঁপাহ আছিল।
প্ৰতিটো পুৱা ৰংবিৰঙী ফুলখিনি চাওঁ,
হেপাহ পলুৱাই চাওঁ ।
জকমকাই থকা ফুলখিনিক
কাণে কাণে সোধো ,
সুগন্ধি পখিলাই মৌ চুহি যায়
তথাপি ইমান সুন্দৰতা কিয়?
ৰ’দত জাঁপ খাই মৰহি উঠা পাহি কেইটাও
পানীৰ পৰশ পাই তজবজীয়া হৈ যোৱাৰ
ৰহস্যটোনো ক’ত?
মৃদু বতাহৰ লগত হালি-জালি মিচিকিয়াই
ফুলপাহে যেন মোক কয়
অস্থায়ী জীৱন এপাহি সুখ এপাহি দুখক জিনি,
সুখৰ হাঁহিত মতলীয়া আমি
হয়তো!
তেতিয়া এনে লাগে যেন
মৃত্যুও এতিয়া সহজ,
আৰু সুখবোৰো যেন একেবাৰেই সহজ,
ঠিক পাতৰ মাজত
আমাক বিচাৰি পোৱাৰ দৰেই।