ফুটপাথ÷
সদাব্যস্ত নগৰখনৰ
লগৰী সেই ফুটপাথটো•••••••••।
নগৰীয়া আভিজাত্যই
তাক ঢুকি নাপাই।
কেইমুঠিমান নিচলা মানুহৰ
উপাৰ্জনৰ ঠাইহে মাথো ফুটপাথটো!
সময়ৰ দৌৰত ব্যস্ত,
ফুটপাথৰ ওপৰে খোজকঢ়া মানুহবোৰ।
থু,পিকেৰে লেতেৰা হয়
ফুটপাথটো।
ফুটপাথটোৱে অহংকাৰ কৰিব নোৱাৰে
সৌন্দৰ্য্যৰ,আভিজাত্যৰ।
কাৰণ নগৰখনৰ আভিজাত্যক
ভেঙুচালি কৰি তাৰ কাষতেই সেইটো ডাষ্টবিন।
ৰাতি ৰাতি ফুটপাথটোত
এখন বজাৰ বহে,
নাৰীদেহৰ কোমল মাংসৰ।
দৰ-দাম হয় সৌন্দৰ্য্য,কমনীয়তাৰ।
তেতিয়া ফুটপাথটোৰ হাহিঁ উঠে,
দেৱী পূজা কৰা নগৰৰ সভ্যতা দেখি।
ফুটপাথটোৱে আৰু এদিন হাহিঁছিল।
যিদিনা•••••••••••••••••••••••
নগৰখনৰ আভিজাত্যক ধূলিস্যাত কৰি
কাষৰ ডাষ্টবিনটোৰ পৰা,
এটা নিষ্পাপ নৱজাত উদ্ধাৰ হৈছিল।
সেই ফুটপাথটোৱে আজিও হাহেঁ,
তাৰ হেনো চিঞঁৰি ক’ব মন যায়••••
সি নগৰখনৰ
নগ্ন স্বৰূপটো ভালকৈ চিনি পায়।।
(পাৰ্শ্ব নাৰায়ণ গোস্বামী,ঠিকণা:-বাম পৰ্বতীয়া,ৰূদ্ৰপদ পথ,তেজপুৰ,শোণিতপুৰ