ফাগুন – দীপামনি কামান গগৈ

ফাগুন
দীপামনি কামান গগৈ, নগাঁও
গৰুৰ খোজৰ ধূলিত
যেতিয়া সন্ধিয়া নামিব
যেতিয়া কঁহুৱাবোৰ অশান্ত হ’ব
যেতিয়া শিমলু ফুলিব
যেতিয়া হালধীয়াবোৰ সৰিব
যেতিয়া তেজ ৰঙা মদাৰে হাঁহিব
তেতিয়া,
তুমি আহিবা দেই
মোৰ দুগালত ৰং সিঁচিবলৈ…
তুমি যে বলীয়া ফাগুন !!