ফাগুনৰ সৰাপাতে কয়
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
ফাগুনৰ সৰাপাতে কয়
মোৰ হৃদয়ৰ অবিনাশ ভালপোৱাক
তমসা নিশাৰ বুকুত
এটি জোনাকীয়ে ওলমে অহৰ্নিশে
এধানিমান মৰম বিচাৰি
তোমাৰ প্ৰতিটো উশাহত
ধাৱমান মোৰ কম্পিত হৃদয়
ভাগৰুৱা উশাহবোৰ
সজ চিন্তাৰ বিপৰীতে
পলকে পলকে দেখোঁ
অনৌচিত্ৰৰ আলয়
কতনা হেৰাল উশাহবোৰ
কতনা হেৰাল আৱেগবোৰ
এতিয়া যে ভয় নাই হেৰুওৱাৰ
ফাগুনৰ সৰাপাতে আজি
গীত জুৰে বিষাদৰ
নতুনত্বক আদৰাৰ পলকত
নিজৰ অস্তিত্বক হেৰুওৱাৰ বেদনাত