ফাগুনৰ বা লাগি উন্মনা মন – নিৰ্মালি বৰা হাজৰীকা

ফাগুনৰ বা লাগি উন্মনা মন

নিৰ্মালি বৰা হাজৰীকা,নগাঁও

“অ ‘পচোৱা আনিছ কি বতৰা
ফাগুন আছেহি যে ৰৈ”।।
ফাগুন মানেই উন্মাদনা।ফাগুন মানেই মদাৰৰ ৰঙা।ফাগুন মানেই  মন প্ৰাণ উন্মনা কৰা এজাক পচোঁৱা।ধূলিৰে ধূসৰিত কৰা পৃথিৱী।শিমলু ,পলাশে উতলা কৰা ৰিঙা ৰিঙা মন।ফাগুন এটি কবিতা।ফাগুন অসমীয়া বৰ্ষচক্ৰৰ একাদশ মাহ ।সকলো মাহৰে এক নিজা বৈশিষ্ট্য থকাৰ দৰে ফাগুন মাহৰ আছে সুকীয়া বৈশিষ্ট্য।লাহে লাহে শীতে মেলানি মাগে।গগনচুম্বী লঠঙা শিমলুৰ ডালে ডালে তেজৰঙা ফুল ফুলি ফাগুন অহাৰ বাতৰি দিয়ে।নীলা আকাশত সেন্দুৰীয়া শিমলোৱে ৰং চটিয়াই।সৰাপাত বোৰে সোৱঁৰাই সকলো আৰম্ভণীৰ সদায় শেষ আছে।ফাগুনে সিচেঁ সৃষ্টিৰ বীজ।শুকান পাত সৰি ন কুহিঁপাত আহে।ফাগুনে কবিৰ মনত সৃষ্টি কৰে কবিতাৰ।হেজাৰ গীতৰ সৃষ্টি ফাগুনক লৈ।এই ফাগুন মাহতেই ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হয়।সকলোৱে ভেদ-ভাৱ পাহৰি মিলি -জুলি হোলি খেলি আনন্দত মতলীয়া হয়।মিচিং সম্প্ৰদায়ৰ প্ৰধান উৎসৱ “আলি -আই-লিগাং”ফাগুন মাহতেই পালন কৰা হয়।ফাগুনে দি যায় আগলি বতৰা বসন্তৰ।প্ৰতিশ্ৰুতি নতুনৰ ।