ফাগুনৰ এচাটি মৃদু বতাহৰ পৰশ – লখিমী শৰ্মা

ফাগুনৰ এচাটি মৃদু বতাহৰ পৰশ
লখিমী শৰ্মা, যোৰহাট 
ফাগুন অহাৰ পৰত
 বতাহত গছবোৰে হালি – জালি নাচে,
তাকে দেখি মনৰ উদাসীনতাৰো অন্ত পৰে ।
আৰু আৰম্ভ হয়
নতুনত্বৰ সন্ধান
পূৰণি দুখবোৰো গাৰ পৰা সৰি পৰে,
মনৰ অৰণ্যত এতিয়া কেৱল
পলাশৰ লয়লাস,
 ফাগুনী বাউলী বতাহে আনিছে
জীৱনৰ আশাবোৰ পুনৰ ঘূৰাই,
ক্ৰমাগত হৈছে এক নতুন হাবিয়াস !
জীৱনৰ ধুনীয়াবোৰ এতিয়া যেন
উন্মুক্ত খালী চকুৰ আগত,
ফাগুন মানেই,
 দশোদিশে সুগন্ধিৰ ৰঙ সিঁচৰিত কৰা,
শিমলু, মদাৰ পলাশৰ ৰঙীণ আভা ।
সৰাপাতৰ বেজাৰৰ বতৰাই,
কঢ়িয়াই আনে ফাগুনৰ বতৰা ।
উদং পথাৰেও সোঁৱৰাই
ফাগুনৰ দশা !
ফাগুন মানেই বসন্তৰ সেউজীয়া
আলিংগনৰ অপেক্ষাত;
 সঞ্চাৰিত হোৱা উৎকণ্ঠাৰ আশা ।
শিমলু তুলাৰ আঁৰে আঁৰে
এতিয়া হেঁপাহবোৰ উৰিব চৌপাশে।