ফটাশিল-আমবাৰীত শ্ৰমিক দিৱস

pc NE Focus

ফটাশিল-আমবাৰীত শ্ৰমিক দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ফটাশিল আমবাৰীস্থিত নামনি অসম নিৰ্মাণ কৰ্মী সন্থাৰ উদ্যোগত ১ মে’ত আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত শ্ৰমিক দিৱস উদ্‌যাপন কৰিবলৈ আয়োজন কৰা হৈছে৷সিদিনা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰিব সভাপতি গোবিন্দ কলিতাই,শ্বহীদ তৰ্পন কৰিব সমাজকৰ্মী বিজুমণি তালুকদাৰে৷মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য উপদেষ্টা বাণীকান্ত শৰ্মাই পৌৰোহিত্য কৰিবলগীয়া সভাত মুখ্য অতিথি গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ কাউঞ্চিলাৰ দীপাংকৰ বৈশ্য,নিৰ্দ্দিষ্ট বক্তা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° অজিত চন্দ্ৰ ডেকা,বিশিষ্ট অতিথি অধ্যাপক যোগেশ চন্দ্ৰ কলিতা,প্ৰাক্তন কাউঞ্চিলাৰ ভূপেন ঠাকুৰীয়াই উপস্থিত থাকিব৷ আটাইবোৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ সন্থাৰ সভাপতি গোবিন্দ কলিতা,সম্পাদক গোলাপ কলিতাই অনুৰোধ জনাইছে৷