ফটাশিল আমবাৰীত নৱনিৰ্মিত ছহিদ উদ্যান মুকলি মন্ত্রী অশোক সিংহলৰ 

ফটাশিল আমবাৰীত নৱনিৰ্মিত ছহিদ উদ্যান মুকলি মন্ত্রী অশোক সিংহলৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে আজি মহানগৰীৰ ফটাশিল আমবাৰীত নৱনির্মিত ছহিদ উদ্যানখন উদ্বোধন কৰে। উল্লেখযোগ্য যে ‘অশ্ৰুট’ৰ সহযোগত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই ১.৫ বিঘাৰ উদ্যানত খোজকঢ়া ট্রেক, পানীৰ ফোৱাৰা, শিশুৰ খেলৰ স্থান, জীৱন্ত সেউজীয়া দেৱাল, গ্রীন মাউণ্ড, এম্ফিথিয়েটাৰ, কেফেটেৰিয়া, বেডমিণ্টন খেলৰ সুবিধা, পার্কিং আদিৰ লগতে মুকলি ব্যায়ামাগাৰৰ সুবিধাও আছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে আঁচনিৰ সহযোগত জি এম ডি এয়ে প্ৰকল্পটো ১.৮ কোটি টকাৰ বায়েৰে সম্পূৰ্ণ কৰে। এই উদ্বোধনী অনুষ্ঠানত সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকাৰ লগতে বিভাগৰ উচ্চপদস্থ বিষয়াসকল তথা বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।