পৰ্যাপ্ত খোৱাপানী যোগানৰ আহ্বান চিপিএমৰ

পৰ্যাপ্ত খোৱাপানী যোগানৰ আহ্বান চিপিএমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- খাৰঘুলিত সংঘটিত জল বিস্ফোৰণৰ পাছত পানী যোগান প্ৰকল্পৰ লগত সংলগ্ন অঞ্চলৰ ৰাইজে পানীৰ অভাৱত জীয়াতু ভুগিছে ৷ একাংশ লোক ক্ষোভেৰে জনায় যে টেংকাৰৰ পানী ৮০০ টকা দিলেও পাবলৈ নাই। এই উৎকট পানীৰ অভাৱৰ কাৰণে প্ৰতিদিনে ৰাইজৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে । এই অভিযোগ চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটীৰ। এই প্ৰকল্পটো যেতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠে, তেতিয়ালৈকে খোৱাপানী নাটনি হোৱা অঞ্চলসমূহত চৰকাৰ বা সংশ্লিষ্ট বিভাগে টেংকাৰেৰে পানী যোগান ধৰাৰ বাবে দাবী কৰে। ইয়াৰ লগে লগে ২০০৯ চনতেই আৰম্ভ হোৱা পানী যোগান প্রকল্পসমূহৰ কাম শীঘ্ৰে সম্পন্ন কৰি গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনায় ৷আনহাতে, বিভিন্ন বয়বস্তুৰ দাম ভয়াৱহভাৱে বৃদ্ধি কৰি নাগৰিকক লুণ্ঠন কৰাৰ এটা সুযোগ গঢ়ি দিয়াৰ পাছতো পুনৰ পৌৰ কৰ বৃদ্ধিকৰি চৰকাৰে জনসাধাৰণক কোঙা কৰি দিয়াৰ ব্যৱস্থা কৰিছে। চি পি আই (এম)ৰ কামৰূপ জিলা কমিটীয়ে এইধৰণে জনসাধাৰণক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। লগতে চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনতাৰ ওপৰত মাধমাৰ শোধাইছে। এ পি ডি চি এলে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি প্রতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচা পৰ্যন্ত অতিৰিক্ত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিছে। বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ আৰু অসন্তুষ্টিৰ মাজতে পহিলা জুনৰ পৰা বিদ্যুতৰ ফিক্সড চাৰ্জো বৃদ্ধি কৰিছে। এপিডিচিএলে জাৰি কৰা নিৰ্দেশনা অনুসৰি জীৱন ধাৰাৰ গ্ৰাহকৰ বাবে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু অন্যান্য উপভোক্তাৰ বাবে প্রতি ইউনিটত ৭০ পইচাকৈ বৃদ্ধি কৰা হৈছে। জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৫.২৫ টকাকৈ, ১২১-২০০ ইউনিট ব্যৱহাৰ কৰাসকলে ৭.৩০ টকাকৈ আৰু ৫.৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে দিব লাগিব ৮.৬০ টকাকৈ । ইয়াৰ উপৰি বাণিজ্যিক গ্রাহকে দিব লাগিব ৭.৬০ টকাকৈ। ইতিমধ্যে নিত্যপ্রয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত জুৰুলা হোৱা ৰাইজৰ ওপৰত চৰকাৰে আকৌ বোজা জাপি দিলে । চি পি আই (এম) দলৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে এই মাচুল বৃদ্ধি প্রত্যাহাৰ কৰি বলৈ চৰকাৰৰ ওচৰত দাবী জনায়।