পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ৰঙিলী বাৰ্ত্তাসেৱা- দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্রতিবছৰে ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাখন কাজিৰঙা মুকলি কৰা হৈছিল যদিও এইবাৰ এদিন পূৰ্বেই ৰাষ্ট্ৰীয় উদ্যানখন পয্যটকৰ বাবে মুকলি কৰি দিয়া হয়। দুর্গোৎসৱৰ বতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিশেষকৈ পশ্চিম বংগৰ পৰা পৰ্য্যটকৰ সোঁত বয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই ১ অক্টোবৰৰ দিনা এক উখল- মাখল পৰিবেশৰ মাজত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত পুৱাই পৰ্যটকৰ ভিৰৰ মাজতে বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী অতুল বৰা, মন্ত্রী কেশৱ মহন্তৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাচাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হয় উদ্যানখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ, বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশকে আদি কৰি বনবিষয়া-কর্মীসকল উপস্থিতিত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাগৰি বনাঞ্চলত ফিটা কাটি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে। দ্বাৰ মুকলি অনুষ্ঠানৰ পাছতে মন্ত্রী-সাংসদসহ বিশিষ্ট অতিথিসকল খোলা জীপছিত উঠি বাগৰি বনাঞ্চলৰ প্ৰৱেশদ্বাৰেৰে ডোঙা বনশিৱিৰ পৰ্যন্ত ছাফাৰি কৰে।ইয়াৰ পাছতে বাগৰিত বন বিভাগৰ এটি ইক’ শ্ব’প মুকলি কৰাৰ লগতে গ্রন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে এই ইক’ চ’প ত বাঁহেৰে নিৰ্মিত থলুৱা সামগ্ৰী আৰু অসমৰ জাতি-জনগোষ্ঠীৰ থলুৱা বস্ত্ৰ পোৱা যাব। দেশী বিদেশী পৰ্যটকে এই সামগ্রী সমূহ ক্ৰয় কৰি লৈ যাব পাৰিব। আনহাতে এই বিপনীৰ পৰা আৰ্হিত পুঁজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ কল্যাণৰ বাবে ব্যয় কৰা হব বুলি সঞ্চালক ডঃ সোণালী ঘোষয়ে জানিবলৈ দিয়ে। কাজিৰঙাৰ দ্বাৰ মুকলি অনুষ্ঠানতে ইণ্ডিয়ান অইল কোম্পানীৰ তৰফৰ পৰা এখন টয়তা হিলাক্স বাহন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক প্ৰদান কৰে। এই বাহন খন এতিয়াৰে পৰা ৰেচকিউ বাহন হিচাপে বন বিভাগে ব্যৱহাৰ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে বিগত বৰ্ষত পৰ্যটনৰ ক্ষেত্ৰত বনবিভাগে যি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল এইবাৰ সেই অভিলেখ ভংগ কৰি পৰ্যটকৰ আগমনৰ ক্ষেত্রত আন এক নতুন অভিলেখ গঢ়িব বিভাগটোৱে। মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, আৰু কেশৱ মহন্তই ও এইবাৰ পৰ্যটকৰ সংখ্যা পূর্বতকৈ বৃদ্ধি পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰ্যটন উদ্যোগটোৰ উন্নয়নৰ বাবে ন ন আঁচনি ৰূপায়ণ কৰাৰ বাবেই আজি এনে সম্ভৱ হোৱা বুলি জানিবলৈ দিয়ে। এইবাৰ পৰ্যটকৰ বাবে নৌকা চাফাৰীৰ ব্যৱস্থা থাকিব বুলি বন মন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে। অহা পহিলা নৱেম্বৰৰ পৰা উদ্যানখনত হাতী চাফাৰী মুকলি কৰা হব। ইফালে, কাজিৰঙাৰ দ্বাৰ মুকলি অনুষ্ঠানৰ পূৰ্বে কহৰাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা জীপ- ছাফাৰি সন্থাৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। কাৰ্যালয় মুকলি অনুষ্ঠানত স্থানীয় তথা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি তথা সমাজকর্মী দেৱপ্ৰদীপ বৰা আদি উপস্থিত থাকে। ইফালে সমান্তৰালভাৱে বাগৰি জীপ চাফাৰী সন্থাৰ কাৰ্যালয় ২০২৪-২৫ বৰ্ষৰ বাবে মুকলি কৰে মন্ত্রী কেশৱ মহন্তই। আনহাতে প্রথমটো দিনতেই জীপ ছাফাৰীৰ জৰিয়তে প্রায় ৩০০ পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰে।