পৰীক্ষাৰ সফলতা আৰু বিফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিকতাত কিদৰে প্ৰভাৱ পেলাই ? – দেবর্ষি গৌতম

PC - Studysmarter

পৰীক্ষাৰ সফলতা আৰু বিফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিকতাত কিদৰে প্ৰভাৱ পেলাই ?

দেবর্ষি গৌতম, বনগাঁও

বিদ্যালয়-মহাবিদ্যালয়ৰ যিকোনো চূড়ান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰা সফলতাই এগৰাকী ছাত্ৰ-ছাত্রীক জীৱনত আবাঢ়ি যোৱাত অধিক আত্মবিশ্বাসী কৰি তোলে। ঠিক একেদৰে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ এই সফলতাৰ বাবে তেওঁৰ শিক্ষাগুৰু, অভিভাৱক অথবা সম্পৰ্কীয় সকলো লোকে আনন্দত আত্মহাৰা হৈ পৰে। যিসকল লোকে সফলতা লাভ কৰা ছাত্ৰ বা ছাত্ৰী এগৰাকীক সহায় সহযোগ আগবঢ়াই তেওঁলোকে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ সফলতাৰ কৃতিত্ব দাবী কৰাৰ সমান্তৰালকৈ ছাত্ৰ বা ছাত্ৰীগৰাকীয়েও তেওঁলোকক কৃতিত্ব দিবলৈ কুণ্ঠাবোধ নকৰে। ছাত্ৰী-ছাত্ৰী সকলে পৰীক্ষাত সফলতা লাভ কৰাটো আমাৰ সমাজৰ বাবে এক যোগাত্মক দিশ। এনে সফল ছাত্ৰ-ছাত্ৰী সকল আন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হয়। কিন্তু ইয়াতে এটা প্ৰশ্নৰ অৱতাৰণা হয়। সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক সকলোৱে জীৱনত আগবাঢ়ি যোৱাৰ বাবে শুভকামনা আৰু অনুপ্ৰেৰণা যোগাই। যিদৰে পৰীক্ষাত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল দেশৰ সম্পদ ঠিক একেদৰে বিফল হোৱা ছাত্ৰ-ছাত্ৰী সকলো আমাৰ দেশৰ সম্পদ। যিদৰে এখন খেলত জয়-পৰাজয় থাকে ঠিক একেদৰে শিক্ষাৰ ক্ষেত্ৰতো সফলতা আৰু বিফলতা থাকে। পাঠ্যপুথিৰ শিক্ষা আহৰণ কৰি সফল হব নোৱাৰা মানে ইয়াৰ অৰ্থ এইটো নহয় যে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত আৰু কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰিব। আচলতে পাঠ্যপুথিৰ শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী সমপৰ্যায়ৰ নহয়। সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ তুলনাত কিছুমান ছাত্ৰ-ছাত্ৰীৰ মেধা শক্তি অতি কম হয় যাৰ ফলত তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰে। আচলতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ৰুচি একে নাথাকে। যদি কোনোবা গৰাকী ছাত্ৰ বা ছাত্ৰী যদি কেৱল পঢ়াৰ প্ৰতি আগ্ৰহী আকৌ আন কোনোবা গৰাকী ছাত্ৰ বা ছাত্ৰী খেলৰ প্ৰতি আগ্ৰহী ইয়াৰ পৰিবৰ্তে আকৌ আন কোনাবাগৰাকী ছাত্ৰ বা ছাত্ৰী আকৌ নাচ-গানৰ প্ৰীতি আগ্ৰহী। গতিকে ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ প্ৰকৃততে ৰুচি কোনফালে আছে সেইটো নিশ্চিত কৰাটো অতিকৈ প্ৰয়োজনীয়। যদি ৰুচি নথকা এটা বিষয় ছাত্ৰ বা ছাত্ৰী এগৰাকীক বলপূৰ্বক ভাবে জাপি দিয়া হয় তেনে ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ পৰা সেই বিষয়টোত সফলতা আশা কৰাটো মূৰ্খামীৰ বাহিৰে আন একো হব নোৱাৰে। ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ যিটো বিষয়ত ৰুচি অধিক বেছি থাকে এইটো বিষয়ত অধিক মনোনিবেশ কৰিব লাগে তেতিয়াহে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে প্ৰকৃত সফলতা লাভ কৰিবলৈ সক্ষম হয়। শিক্ষা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ ৰুচি থকা বিষয়টোকো গুৰুত্ব প্ৰদান কৰিব লাগে। বাধ্যত পৰি যিকোনো এটা বিষয় ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যদি গ্ৰহণ কৰিব লগীয়া হয় তেনেহলে সেই বিষয়ত ছাত্ৰ বা ছাত্ৰী গৰাকীৰ কোনো আন্তৰিকতা নাথাকে। যাৰ ফলত আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম নহয়। সাধাৰণতে আমাৰ সমাজত প্ৰচলিত এক নিয়ম হল যদি এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো বিদ্যালয় নাইবা মহাবিদ্যালয়ৰ পৰীক্ষাত বিফল হয় তেন্তে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ ভৱিষ্যৰ ওপৰত এক প্ৰশ্ন চিহ্নৰ উদয় হয়। এই প্ৰশ্ন চিহ্নটোৱে এগৰাকী ছাত্ৰ অথবা ছাত্রীক মানসিক ভাৱে দুৰ্বল কৰি পেলাই। এগৰাকী ছাত্ৰ বা ছাত্ৰী যেতিয়া এবাৰ মানসিক ভাৱে ভাগি পৰে তেতিয়া সেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে নিজৰ লক্ষ্যত উপনীত হোৱাৰ যি আত্মবিশ্বাস সেইয়া সম্পূৰ্ণ ৰূপে হেৰুৱাই পেলায়। যাৰ ফলত কোনো এটা দিশত সেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে বিফলতাৰ ভয়ত যিকোনো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে।  যদি আমি এগৰাকী ছাত্ৰ বা ছাত্রীক তেওঁলোকৰ বিফলতাৰ বাবে সমালোচনা কৰাৰ পৰিবৰ্তে এক যোগাত্মক দিহা পৰামৰ্শ প্ৰদান কৰি জীৱনত আগবাঢ়ি যোৱাৰ বাবে মানসিক শক্তি প্ৰদান কৰো তেনেহলে সেই বিফল ছাত্ৰ বা ছাত্ৰী গৰাকীও এদিন এক বিকল্প পথত সফল হব পাৰিব। আমি যেতিয়ালৈকে বিফলতাৰ ভয়ত পিছ সুহুকী নাহি সন্মুখৰ পৰা মুখামুখি হৈ সেই বিফলতাক এক বিকল্প পথেৰে সফলতালৈ ৰূপান্তৰ কৰিব পৰা এক মানসিকতা গঢ়ি তুলিব নোৱাৰো তেতিয়ালৈকে হয়তো আমি সদায় এনেদৰে পিছ পৰি থাকিব লাগিব। বিফলতাৰ মাজতো যে এক সফলতাৰ চাবিকাঠি লুকুৱাই থাকে সেয়া প্ৰমাণ কৰিব লাগিলে আমি সকলোৱে এক যোগাত্মক মানসিকতা লৈ আগবাঢ়ি যাব লাগিব। এটা বিফলতাৰ বাবে যাতে অন্য এক সফলতাৰ দুৱাৰ মুকলি কৰে তাৰ বাবে আমি সকলোৱে উমৈহতীয়া প্ৰচেষ্টা হাতত লব লাগিব। পাঠ্যপুথিৰ শিক্ষা আহৰণ কৰাত বিফল হোৱা ছাত্ৰ -ছাত্ৰী সকলকো যাতে আমি দেশৰ আপদ হোৱাৰ পৰিবৰ্তে সম্পদ হিচাপে গঢ়ি তুলিব পাৰো তাৰ বাবে আমাৰ এই সকলো মানসিকতা সলনি কৰি এক নতুন চিন্তাৰ সঞ্চাৰ কৰিব লাগিব। যি চিন্তাই সদায় আঁতৰাই ৰাখিব বিফলতাৰ গ্লানি সহিব নোৱাৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰা সেই ছাত্ৰ-ছাত্ৰী সকলক এক নেতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা। এই নতুন চিন্তাই সদায় সহায় কৰিব সেই বিফল ছাত্ৰ-ছাত্ৰী সকলক যিয়ে নিজৰ প্ৰকৃত সফলতাৰ দিশে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হবলৈ। সফলতাই হওক অথবা বিফলতাই হওক যাতে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিতিৰ অৱনতি নহয় তাৰ ওপৰত আমি চোকা নজৰ ৰখাটো অতিকৈ প্ৰয়োজনীয়। আমি এটা কথা সদায় মনত ৰখা উচিত যে কেৱল সফল আৰু মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক লৈয়ে আমি এখন সুস্থ সমাজ গঢ় দিব নোৱাৰো। বিফল অথবা কম মেধাৰ ছাত্ৰ-ছাত্ৰী সকলো কিন্তু আমাৰ সেই একেখন সমাজৰে অংগ হৈ থাকিব। গতিকে সকলোকে একত্ৰিত কৰি ৰাখিহে  আমি এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিব পাৰিম।