পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপসমূহ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বিশ্বব্ৰহ্মাণ্ডৰ অংশ হিচাপে আমাৰ এই বিশ্বখন এসময়ত প্ৰাকৃতিক নিয়মমতে সৃষ্টি হৈ স্বাভাৱিকভাবে সুন্দৰকৈ পৰিচালিত হৈ আছিল।কিন্তু, কুৰি শতিকাৰ বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ ফলত মানুহে প্ৰকৃতিৰ ওপৰত যিমানেই কতৃৰ্ত্ব চলাইছে সিমানেই পৰিৱেশ প্ৰদূষণ বৃদ্ধি হৈ মানৱ সভ্যতা এক গভীৰ সংকটৰ সন্মুখীন হৈছে।ইয়াৰ পৰা হাত সাৰিবলৈ গোটেই বিশ্বৰ বিভিন্ন দেশৰ শাসক, চিন্তাশীল ব্যক্তি আৰু বিজ্ঞানী সকলে একত্ৰিত হৈ কঁকালত টঙালি বান্ধি মাৰ বান্ধি থিয় হৈ পৰিৱেশ প্ৰদূষণ কৰা কাৰকসমূহ চিহ্নিত কৰি ইয়াৰ পৰা বিশ্বক মুক্ত কৰাৰ বাবে উঠি পৰি লাগিছে।কাৰণ, আমেৰিকাৰ নেচনেল একাডেমিয়ে প্ৰদূষণৰ সংজ্ঞা এনেদৰে দিছে – ” প্ৰদূষণ সচাঁকৈয়ে বিশ্ববাসীৰ বৈৰী। কাৰণ ই ঔদ্যোগিক প্ৰগতি, মানৱ-জীৱন-যাত্ৰা আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ হেঙাৰ।সেয়ে,১৯৭২ চনৰ পৰা প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস উদ্ যাপন কৰি পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন বিষয় লৈ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় চেষ্টা চলাই থকা হৈছে।আমাৰ ভাৰতবৰ্ষতো ১৯৭৪ চনৰ পৰা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সজাগতা তথা প্ৰত্যেকখন ৰাজ্যত” প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ” গঠন কৰা হৈছে। আৰু এই পৰিষদে নানা আইন অধিনিয়ম প্ৰয়োগ কৰি দেশখনক প্ৰদূষণ মুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছে।বিশ্বৰ সকলো দেশে প্ৰদূষণ বৃদ্ধি কৰাৰ তলত উল্লিখিত মূল কাৰকসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
১/ জনবিষ্ফোৰণ ( বৰ্তমান পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি):- নিয়ন্ত্ৰণ কৰাৰ বাবে পৃথিৱীৰ সকলো দেশে জন্ম নিয়ন্ত্ৰণ পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচী হাতত লৈছে। প্ৰতি গৰাকী পৰিয়ালে এটা বা দুটা সন্তান, প্ৰাপ্ত বয়স্ক হোৱাৰ পাছত ডেকা- গাভৰু বিবাহ পাশত আবদ্ধ হোৱা আদি অন্যতম কাৰ্যসূচী সম্প্ৰচাৰ কৰি জনবিষ্ফোৰণ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে। তথাপি স্বাভাৱিক ভাবেই জনসংখ্যা বৃদ্ধি হৈ আছে। আমাৰ দেশৰ বেছিভাগ মানুহেই অৰ্ধশিক্ষিত, কু-সংস্কাৰ-চ্ছন্ন আৰু ধৰ্মীয় গোড়ামী ভাৱাপন্ন হোৱাৰ এই জন্ম নিয়ন্ত্ৰণ কাৰ্যকৰী নহৈ এই দেশখন পৃথিবীৰ আটাইতকৈ অধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে।কেৱল জনসংখ্যা নিয়ন্ত্ৰণ কৰিলেই নহ’ব, দেশৰ নগৰ -মহানগৰসমূহৰ জনাকীৰ্ণ মানুহখিনিক সুপৰিকল্পিত ভাবে বিভিন্ন পাহাৰ,টিলা, নৈৰ পাৰ , সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰী মাটি সমূহৰ পৰা স্থানান্তৰিত কৰি উপযুক্ত ৰক্ষণাবেক্ষণ দি বসবাসৰ ব্যৱস্থা কৰা প্ৰয়োজন হৈছে। গ্ৰামাঞ্চলতো পথাৰ, হাবি-বন, বা চৰকাৰী মাটিৰ পৰা বাসিন্দা সকলক আঁতৰাই পৰিকল্পিত ভাবে বসবাসৰ উপযোগী কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা উচিত।
২/ প্ৰাকৃতিক সম্পদৰ অৱলুপ্তি ৰোধ:- জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰাকৃতিক সম্পদ – যেনে খনিজ পদাৰ্থ, খাৰুৱা তেল, প্ৰাকৃতিক গেছ টুটি আহিছে আৰু উদ্ভিদ ধ্বংসৰ গৰাহত পৰি ভয়ংকৰ ভাবে প্ৰদূষণ বৃদ্ধি হৈ আহিছে। সেয়ে এই প্ৰদূষণৰ পৰা মুক্ত হ’বলৈ বৈজ্ঞানিক সকলে নানা উপায় উলিয়াইছে। তাৰ ভিতৰত জীৱাশ্ম ইন্ধন পেট্ৰল,ডিজেল আদিৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰি শক্তিৰ বিকল্প উদ্ভাৱন কৰাৰ ওপৰত গুৰুত্ব দিছে।পৰিৱেশ সুস্থ ৰাখিবলৈ উদ্ভিদ ধ্বংস বন্ধ কৰি সেউজ -বননীকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে। কমেও শতকৰা ৩৩.৩ ভাগ বননীকৰণৰ মাজেৰে বৃষ্টিপাত স্বাভাৱিক কৰা, বায়ুমণ্ডলৰ জমা হোৱা ধূলিকণা ৰোধ কৰা, নিৰ্বনীকৰণ বন্ধ কৰি পৰিৱেশ সুৰক্ষা কৰিব বিচৰা হৈছে।
৩/ ভুমিৰ অৱনতি ৰোধ:- চাৰিটা কাৰণত ভূমিৰ অৱনতি ঘটে। (ক) বতাহ -বৰষুণৰ প্ৰভাৱ (খ) জল-ৰোধন(গ) ৰাসায়নিক সাৰ আৰু ধাতৱ প্ৰদূষণ (ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ আৰু আবৰ্জনা।
সঠিক হিচাপত বননীকৰণৰ মাজেৰে বতাহ -বৰষুণৰ প্ৰভাৱৰ পৰা মাটিৰ অৱক্ষয় ৰোধ কৰিব পাৰি। মথাউৰি,পথ আৰু ৰে’লৰ আলি অপৰিকল্পিত ভাবে নিৰ্মাণ নকৰি পানী যোৱাৰ ৰাস্তা স্বতঃস্ফূৰ্ত ভাবে প্ৰবাহিত হ’বলৈ দিয়া উচিত। প্ৰয়োজন সাপেক্ষে নদ-নদীৰ তলি খান্দি নদীৰ পানী নিয়ন্ত্ৰণ কৰা উচিত। ত্ৰুটিপূৰ্ণ জল-নিষ্কাষণ অতিৰিক্ত জল সিঞ্চন বন্ধ কৰি নদ-নদীৰ পৰা পানী যোগান আৰু কৃত্ৰিম ভাৱে বৰষুণৰ সৃষ্টি কৰি এই সমস্যা সমাধান কৰিব পাৰি। কৃত্ৰিম ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ, গোবৰ সাৰ , কীট পতংগক মাৰিবলৈ কীটনাশক ঔষধ প্ৰয়োগ নকৰি পতংগৰ প্ৰজাতিৰ মাজত যুদ্ধ লগাই দি জৈৱিক পদ্ধতিত কৃষি পদ্ধতি গ্ৰহণ কৰা উচিত।আৱৰ্জনাসমূহ বৈজ্ঞানিক ভাবে নিষ্কাষণ ব্যৱস্থাপনাৰ বাবে চেষ্টা কৰাৰ বাবে বিভিন্ন দেশে চেষ্টা চলাই আছে।বিভিন্ন অপকাৰী গেছ, ধোঁৱা, আদি নিয়ন্ত্ৰণ:- পৰিৱেশ প্ৰদূষণৰ মূল কাৰক কল-কাৰখানাৰ পৰা তৰল পদাৰ্থৰ সোঁত আৰু বৰ্জ্য পদাৰ্থবোৰ যাতে নৈ ,বিল, পথাৰ , সাগৰ আদিত পৰিব নোৱাৰে তাৰ বাবে বিভিন্ন দেশে আইন,অধিনিয়ম বান্ধি এই বৃহৎ বৃহৎ কল-কাৰখানাসমূহ জন বসতি অঞ্চল, নদ – নদী, পাহাৰ আদিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি সৰু শিল্প বা কুটিৰ শিল্পৰ কল-কাৰখানা স্থাপন কৰাৰ বাবে উৎসাহ যোগাইছে।ক্লৰ’ফ্লৰ কাৰ্বন সংক্ষেপে চি এফ টি নামৰ ৰাসায়নিক যৌগ ৰেফ্ৰিজাৰেটৰ, চুলিত লগোৱা ৰং আৰু শীত -তাপ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰাৰ সলনি প্ৰাকৃতিক ভাবে উৎপন্ন হোৱা বস্তু প্ৰয়োগ কৰি পৃথিৱীৰ ওজ’ন স্তৰ পাতল হৈ সূৰ্যৰ ৰশ্মিৰ পৰা নিৰ্গত হোৱা অতি-বেঙুনীয়া ৰশ্মি ( Ultraviolet rays) ; যি ছালৰ কেন্সাৰ ৰোগৰ কাৰক ; তাক প্ৰতিৰোধ কৰিব পাৰি।তদুপৰি বিভিন্ন দেশে যুদ্ধৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক অস্ত্ৰ, আনুবিক পৰীক্ষণ আৰু বিস্ফোৰণ , মহাকাশত নানা প্ৰযুক্তিৰ দ্বাৰা পৰীক্ষণ আদি বিভিন্ন আইন অধিনিয়ম বান্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এদিন গোটেই বিশ্ব পৰিৱেশ প্ৰদূষণৰ বাবে ধ্বংসৰ গৰাহত পৰিব যে ই খাটাং।সেয়ে, কেৱল ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰিলেই নহ’ব, বা বিভিন্ন আইন অধিনিয়ম প্ৰয়োগ কৰিলেই নহ’ব, শব্দ প্ৰদূষণৰ বাবে আমাৰ দেশে শব্দ প্ৰদূষণ ২০০২ অধিনিয়ম বান্ধিও প্ৰদূষণ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়।তাৰ বাবে লাগিব গোটেই বিশ্বৰ দেশসমূহৰ মাজত ঐক্য আৰু সংহতি লগতে দেশৰ জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কীয় সচেতনতা-বোধ আৰু বৈজ্ঞানিক মানসিকতা।