পৰিৰ্ৱতন– অঞ্জুমণি শইকীয়া

Pc The Video Ink

পৰিৰ্ৱতন

স্বভাৱ – চৰিত্ৰৰ লগতে পঢ়া – শুনাত ভাল ল’ৰা – ছোৱালীৰ প্ৰতি মোৰ আগ্ৰহ বেছি ৷ বিশেষকৈ , দুখীয়া ঘৰৰ ৷

এদিন স্বামীয়ে মোক ক’লে , “ আজি আমাৰ ওচৰৰ গাঁও এখনৰ ল’ৰা এজনক ঘৰত থৈ আহোঁতে দেৰি হ’ল ৷ তুমি চিনি নাপাবা ৷ ল’ৰাজনে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইংৰাজী বিষয়ত এম এ পঢ়ি আছে ৷ দেউতাকে তামোল বেচে ৷ বাছ ষ্টেণ্ডতে লগ পাই কথা বতৰা পাতিলো ৷ বৰ ভাল ল’ৰা ৷ ( স্বামী বহুত দিন বাহিৰত আছিল বাবে গাঁৱৰ বা ওচৰৰ ল’ৰা – ছোৱালীৰ খবৰবোৰ দেৰিকৈ পাইছিল ৷)

“ মোকো চিনাকি কৰি দিবচোন ৷’’

বছৰ বাগৰিল ৷ আমাৰ ঘৰৰ কাষৰ এম ই স্কুলখনত কাৰ্যকৰী কমিটিত মোক সদস্যাৰূপে মনোনীত কৰিলে ( পিছলৈ সহকাৰী সভানেত্ৰী হৈছিলো ) ৷

এদিন আমাৰ গাঁৱৰ ল’ৰা এজন আহি মোক ক’লে , “ নবৌ , কাইলৈ স্কুলৰ মিটিংখনত আপুনি মোৰ হৈ ক’ব দেই ৷”

“কি ক’ব লাগিব ?”

“ ক’ব আৰু ! মই যে ল’ৰা – ছোৱালীক ভালকৈ পঢ়াওঁ ৷ ”

“ মোক স্কুললৈ মাতিছে হয় , কিন্তু মিটিঙৰ বিষয় কি মোক নাই কোৱা ( আগতে মই এনেকুৱা মিটিঙত গৈ পোৱা নাই ) ৷ তুমি বুজাই দিয়াচোন ৷”

“ আমাৰ স্কুলত শিক্ষক ল’ব ৷ দৰ্খাস্ত কেইবাজনো প্ৰাৰ্থীয়ে দিছে ৷ কিন্তু , কোনে পাব সেয়া কমিটিৰ সদস্য /সদস্যাসকলৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিব ৷ সেয়ে মই সকলো সদস্য /সদস্যাক ঘৰে ঘৰে গৈ কৈ আহিছো ৷ সকলোৱে মোৰ কথা ক’ব ৷ — —- কাইলৈ নবৌ আপোনাৰ ওচৰলৈ আহিব ৷ একেলগে যাব মিটিঙলৈ ৷ ”

ল’ৰাজনৰ নবৌয়েক এসময়ত মোৰ স্বামীৰ ছাত্ৰী আছিল ৷ ককায়েকজন স্বামীতকৈ দহগুণে ডাঙৰ ৷ সেয়ে তেখেতক “ দাদা ” বুলি মাতো ৷ “ দাদা ” আকৌ সেই স্কুলখনৰ ( হাইস্কুলৰ ) প্ৰিঞ্চিপালৰ সখী ৷ মানে , দৰাৰ ছাতি ধৰা বন্ধু ৷ লগতে “ দাদা” একেখন এম ই স্কুলৰ শিক্ষক ৷ সেয়ে ল’ৰাজনে শিক্ষকৰ পদটো পোৱাটো খাটাং হৈ আছিল ৷ ইতিমধ্যে ল’ৰাজনে দাদা আৰু প্ৰিঞ্চিপালৰ কৃপাত স্কুলখনত অস্থায়ী শিক্ষকতা কৰি আছিল ৷ জানিব পৰা মতে ল’ৰাজনে প্ৰত্যক্ষ চিট নাপায় পৰোক্ষ চিট লৈ এম এ পাছ কৰিছিল ৷

পিছদিনা মিটিং আছে দিনৰ ১ বজাত ৷ পুৱা ১০ বজাত ল’ৰাজনৰ নবৌয়েক আমাৰ ঘৰ পালেহি ৷ স্বামীয়ে মোক মনে মনে ক’লে , “ কাৰো হৈ ওকালতি নকৰিবা ৷ পিছত তোমাকহে সকলোৱে বেয়া বুলি ক’ব ৷” স্বামীয়ে কোৱা কথাষাৰৰ অৰ্থ আছিল —- মোৰ ফালৰ মিতিৰ কুটুম্ব নথকা অকলশৰীয়া বোৱাৰী সেই অঞ্চলত একমাত্ৰ ময়েই আছিলো ( মোক সমৰ্থন নকৰা ) ৷ অন্য বোৱাৰীবোৰৰ মাতৃ গৃহৰ কোনোবা এঘৰ হ’লেও আছিল ( কিছুমান ক্ষেত্ৰত অকলশৰীয়া হোৱাৰ শিক্ষা পাইছিলো ) ৷ স্কুল পোৱালৈকে ৫ মিনিটৰ বাটটোত নবৌয়েকে দেওৰেকৰ হৈ ক’বলৈ মোক কিছুমান কথা ক’লে ৷

মিটিং আৰম্ভ হ’ল ৷ মিটিঙৰ লগত জড়িত প্ৰধান শিক্ষক আৰু প্ৰিঞ্চিপালৰ বাহিৰে অন্য শিক্ষক / প্ৰাৰ্থীক ভিতৰলৈ প্ৰৱেশ কৰা নিষেধ যদিও মোৰ ওচৰলৈ অহা ল’ৰাজন প্ৰথম শাৰীত বহি আছিল ৷ মই বহিছিলো একেবাৰে শেষৰ শাৰীত ৷ প্ৰধান শিক্ষকে চৰকাৰী নিয়মাৱলী পঢ়ি শুনালে ৷ বহুতো নিয়মৰ লগতে দুটা নিয়মে মোক আকৰ্ষিত কৰিলে ৷ (১) প্ৰাৰ্থীজনৰ স্কুলত শিক্ষকতা কৰা অভিজ্ঞতা থাকিব লাগিব ৷ (২) হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰ শতকৰা ৪৫ ৰ কম হ’ব নালাগিব ৷ তাৰ পিছত প্ৰাৰ্থীসকলৰ নাম আৰু নম্বৰবোৰ পঢ়ি গ’ল ৷

এজন সদস্যই ক’লে , “ ছাৰ , আপোনালোকেই উচিত সিদ্ধান্ত লওক ৷” আন এজন সদস্যই ক’লে , “ বৰ্তমান ইংৰাজী পঢ়ুৱা শিক্ষকজনে অৱসৰ ল’লে ৷ সেয়ে ল’ৰা – ছোৱালীক ইংৰাজী পঢ়ুৱাবলৈ শিক্ষকৰ অভাৱ হৈছে ৷ নতুনকৈ নিযুক্তি পোৱাজনে যাতে ইংৰাজী পঢ়ুৱাব পাৰে ৷ আমাৰ গাঁৱৰ ল’ৰা এজন ইংৰাজীত এম এ ৷ তাকে চাই — —– ৷ অৱশ্যে মোৰ মতে হ’ব লাগিব বুলি কোৱা নাই ৷ সকলোৰে মতামত লওক ৷”

সেই সময়ত আমাৰ পুত্ৰইও কৈছিল , “ মা , ইংৰাজী পঢ়ুৱা ছাৰ যোৱাৰ পিছত আমাৰ স্কুলত বৰ অসুবিধা হৈছে ৷” সেই অঞ্চলত স্কুলতটো বাদেই , টকা দিলেও ইংৰাজী টিউচন পাবলৈ নাই ৷ যি অভিভাৱকে অলপ জানে , নিজৰ সন্তানক শিকায় ৷ তাকো ইংৰাজী জনা অভিভাৱকৰ সংখ্যা এপাচি শাকত এটা জালুকৰ নিচিনা ৷ টিউচন দিব পৰা শক্তিও শতকৰা নব্বৈ ভাগ অভিভাৱকৰ নাই ৷ আমাৰ পুত্ৰই যেতিয়া পঞ্চম শ্ৰেণীত নাম লগাবলৈ পৰীক্ষা দিছিল , তেতিয়া মই চিন্তা কৰা দেখি প্ৰিঞ্চিপাল আৰু প্ৰধান শিক্ষকে কৈছিল , “ তুমি এনেই চিন্তা কৰিছা ৷ কিছুমান ল’ৰা ছোৱালীয়ে এতিয়াও নিজৰ নামটো অসমীয়া বা ইংৰাজীত শুদ্ধকৈ লিখিব নোৱাৰে ৷”

“ আৰু কোনোবাই ক’ব নেকি ? ” প্ৰধান শিক্ষকৰ মাতত মই সচকিত হ’লো ৷ চাৰিওফালে চালো , সকলো নিমাত ৷ বহুতো ভাবি চিন্তি স্বামীয়ে দিয়া লক্ষণ ৰেখা পাৰ হৈ থিয় হৈ ক’লো , “ শ্ৰদ্ধাৰ — —— —- ৷ ”

“ শ্ৰদ্ধাৰ —— —- —– — ৷ মোৰ মতে নম্বৰ বেছি পোৱাজনক অগ্ৰাধিকাৰ দিয়ক ৷”

“ তুমি নামটো কোঁৱা ৷”

“ ছাৰ , নামটো নাজানো ৷ চিনিও নাপাওঁ ৷ কোৱা শুনিছো , নম্বৰ বেছি পোৱা প্ৰাৰ্থীজন ইংৰাজী বিষয়ত এম এ ৷ বি এড্ ও কৰি আছে ৷ স্কুলত ইংৰাজী পঢ়ুৱা শিক্ষক নাই ৷ তেখেতক চাকৰিটো দিলে সকলো ছাত্ৰ – ছাত্ৰী বিশেষকৈ দুখীয়া ঘৰৰ ছাত্ৰ – ছাত্ৰীসকল উপকৃত হ’ব ৷ ”

মৃদু গুঞ্জনৰ মাজত মোৰ ওচৰলৈ অহা ল’ৰাজনৰ সপক্ষে প্ৰিঞ্চিপালে ক’লে ,

“ বি এড পঢ়িহে আছে ৷ পাছ হোৱা নাই নহয় ৷ তেওঁৰ অভিজ্ঞতাও নাই ৷”

“ ছাৰ , পঢ়ি আছে যেতিয়া পাছও হ’ব পাৰে ! অভিজ্ঞতা কেতিয়া হয় ? যেতিয়া তেওঁক কামটো কৰিবলৈ সুবিধা দিয়া হয় ৷ যদি শিক্ষকতা কৰি থকাজনকে বাৰে বাৰে সুবিধা দি থাকে , নতুন এজনৰ কেনেকৈ অভিজ্ঞতা হ’ব ?”

“ এই পদটো স্থায়ী নহয় , অস্থায়ীহে ৷”

“ অস্থায়ী হ’লেও আপত্তি নাই ছাৰ ৷ প্ৰাৰ্থীয়ে অস্থায়ী বুলি জানিও দৰ্খাস্ত দিছে ৷ মই কোৱা প্ৰাৰ্থীজনৰ ঘৰৰ অৰ্থনৈতিক দিশটো বেয়া বুলি শুনিছো ৷ দেউতাকে তামোল বেচে ৷ অস্থায়ী শিক্ষকতাৰ দৰমহাৰে হালৰ গৰুহাল কিনিব পাৰিলেও বহুত ৷ মানৱতাৰ খাতিৰতো তেওঁৱেই পাব লাগে ৷”

মোৰ কাষত বহি থকা ল’ৰাজনৰ নবৌয়েকে এইখিনি সময়ত মই কোৱা কথাবোৰ মিছা বুলি সৰু সৰুকৈ প্ৰতিবাদ কৰি আছিল ৷ মই তেওঁৰ প্ৰতিবাদত গুৰুত্ব নিদিলো ৷ নবৌগৰাকীৰ স্বামী ওৰফে ল’ৰাজনৰ ককায়েক ওৰফে প্ৰিঞ্চিপালৰ সখী উপস্থিত আছিল ৷ তেখেতে সেইখন এম ই স্কুলত শিক্ষকতা কৰাৰ উপৰিও সৰ্বশিক্ষাৰ এজন বিষয়া ৷

অৱশেষত , মোৰ যুক্তি মতেই ইংৰাজী বিষয়ত এম এ ল’ৰাজনে শিক্ষকৰ পদটো পালে ৷ ফলত , গাৱঁৰ ল’ৰাজনৰ লগত কেইবাবছৰো মোৰ মাত- কথা বন্ধ হৈ থাকিল ৷

( পিছৰ কথাখিনি লিখিবলৈ শিক্ষক পদত নিযুক্তি পোৱা ল’ৰাজনৰ ছদ্মনাম “ দীপক “ ব্যৱহাৰ কৰিম ৷ লিখিবলৈ সুবিধা হ’ব ,বুজিও পাব ৷ )

— অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷