পৰিয়ালৰ জনশক্তি প্ৰদৰ্শনেৰে চৰকাৰী বিদ্যালয়ৰ মাটি ভোগ – দখল মৈৰাধ্বজত : গঞা অসন্তুষ্ট

পৰিয়ালৰ জনশক্তি প্ৰদৰ্শনেৰে চৰকাৰী বিদ্যালয়ৰ মাটি ভোগ – দখল মৈৰাধ্বজত : গঞা অসন্তুষ্ট

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত মৈৰাধ্বজ গাৱত বিদ্যালয়ৰ মাটি দখল কাৰ্য্য এটা পোহৰলৈ আহিছে। জানিব পৰা মতে ১৯৯১-১৯৯২ চনত শিক্ষিত যুৱক কেইজনে নিজৰ ম্যাদী পট্টাৰ মাটি দান দি বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে “পশ্চিম মৈৰাধ্বজ এম,ই, মাদ্ৰাছা”নামেৰে এখন (ভেঞ্চাৰ) বিদ্যালয় স্থাপন কৰি – অবৈতনিক হিচাপে প্ৰায় ৩০ বছৰ পাঠদানৰ অন্তত চৰকাৰে ২০২১ চনত ইয়াৰে ৪ গৰাকী শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দি ওচৰতে থকা ১২১০ নং মৈৰাধ্বজ এল,পি, স্কুলৰ লগত বিদ্যালয়খন সংলগ্ন কৰি দিয়ে। বিভাগীয় কৰ্তৃপক্ষই সেই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক বিদ্যালয়ৰ আচবাৰৰ লগতে ঘৰ, মাটি আদি সকলো এল,পি, স্কুলত চমজাই দিবলৈ নিৰ্দেশ দিয়াত এম, ই, মাদ্ৰাছাৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ৭/৮ যোৰ ডেস্ক -বেঞ্চ চমজাই দি বাকী সকলো সা- সৰঞ্জাম নিজা ঘৰলৈ লৈ যায়। প্ৰাপ্ত তথ্য মতে বেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কাকো কেৰেপ নকৰাকৈ বিদ্যালয়ৰ নামত (নামজাৰি) থকা ৩ বিঘা মাটিত নিজা মইমতালিৰে ডাঙৰ ডাঙৰ পুখুৰী খান্দি ভোগ- দখল কৰি আছে। ইপিনে উক্ত মাটিখিনি এল,পি স্কুলৰ পৰিচালনা কমিটিক চমজাই দিবলৈ কমিটীৰ লগতে গঞা ৰাইজে কোৱাত পৰিয়ালৰ জনশক্তি প্ৰদৰ্শনেৰে বিভিন্ন জনক মৃত্যুৰ ভাবুকি দিয়ে।ফলত স্কুল পৰিচালনা কমিটিৰ সৈতে গঞা ৰাইজে অসন্তুষ্ট হৈ প্ৰধান শিক্ষয়িত্ৰীৰ জনশক্তিৰ কবলৰ পৰা বিদ্যালয়ৰ মাটিখিনি উদ্ধাৰ কৰি দিবলৈ নগাঁও শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্ত, জিলা স্কুল পৰিদৰ্শক আৰু স্হানীয় ৰাজহ চক্ৰ বিষয়াক ৰাইজৰ স্বাক্ষৰ সম্বলিত এখনি লেখ আবেদন দাখিল কৰিছে। বিভাগীয় কৰ্তৃপক্ষই এই সংক্ৰান্তত কি পদক্ষেপ লয়, সেয়া পৰৱৰ্ত্তী সময়ত লক্ষ্যণীয় হ’ব।