পৰিবেশিক কাৰক – ৰূপালী মহন্ত

pc WordPress.com

পৰিবেশিক কাৰক

ৰূপালী মহন্ত

প্ৰত্যেক শিশুৰে বিকাশৰ প্ৰক্ৰিয়া বেলেগ। আমি বিদ্যালয়ত দেখা পোৱা ছাত্ৰ -ছাত্ৰীয়ে একে ধৰণে শিক্ষা গ্ৰহণ কৰে যদিও শিক্ষাৰ্থীৰ বিকাশ একে ধৰণৰ হোৱা দেখা নাপাওঁ। ইয়াৰ কাৰণ হিচাবে প্ৰত্যেকজন শিশু বেলেগ বেলেগ পৰিবেশৰ মাজেদি বিদ্যালয়লৈ আহে।শিক্ষানুষ্ঠানত শিশুৰ ওপৰত কেনে প্ৰভাৱ পেলাই সেয়া নিৰ্ভৰ কৰে স্বকীয়তাৰ ওপৰত। শিশুৰ বিকাশত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰক আছে তাৰ ভিতৰত পৰিবেশিক কাৰকৰ বিষয়ে চমু বিশ্লেষণ দাঙি ধৰিছো। শিশুৰ চৌদিশ সামাজিক আৰু শৰীৰৰ অৱস্হানৰ দ্বাৰা প্ৰভাৱিত।ব্যক্তিত্বৰ লক্ষণবোৰ বংশগত কাৰকে নিৰ্ধাৰণ কৰাৰ দৰে পৰিবেশে পৰিৱৰ্তন সাধন কৰে।বৰ্তমান সময়ত পৰিবেশে শিশুৰ বাবে এখন বেলেগ জগতৰ সৃষ্টি কৰিছে।কাৰণ বৰ্তমান ইন্টাৰনেটৰ যুগ। তথাপিও আন কিছুমান পৰিবেশৰ কাৰক আছে। পিতৃ মাতৃৰ লগত পাৰস্পৰিক সম্পৰ্কই শিশুক বহুত উৎসাহিত কৰে।শিশুৰ লগত খেলা-ধূলা,পঢ়া-শুনা আৰু বিভিন্ন গতিবিধিত সময় কটালে শিশুৰ ইতিবাচক বিকাশ সাধন হয়। পুষ্টিকৰ খাদ্যই শিশুৰ শাৰীৰিক মানসিক উভয় দিশত বিকাশ হয়।অপুষ্টিকৰ খাদ্যই শৰীৰ দুৰ্বল আৰু অসুস্থ কৰিব পাৰে।ফলত সমনীয়াৰ লগত সমান হোৱাত অক্ষমতাই দেখা দিয়ে । শৈক্ষিক পৰিবেশে শিশুৰ বিকাশ ঘটায়।যদি ইয়াৰ অভাৱ হয় তেন্তে নেতিবাচক প্ৰভাৱ পেলাব। সমাজৰ লগত সুসম্পৰ্ক নহ’লে কথাবাৰ্তা কোৱাত অসুবিধা হয়।সমাজৰ লগত মিলামিছাই যোগাযোগৰ সক্ষমতাৰ কুশল বাৰ্তা কঢ়িয়াই আনে। সামাজিক ৰীতি-নীতি, পৰম্পৰা, উৎসৱ-পাৰ্বনে শিশুৰ বিকাশত প্ৰভাৱ পেলায়।গতিকে শিশুক সাংস্কৃতিক দিশটোৰ লগত পৰিচয় কৰাই দিয়া পিতৃ মাতৃ তথা অভিভাৱকৰ দায়িত্ব বুলি ভাবিব লাগিব। অনুকূল জলবায়ু শিশুৰ শিক্ষণৰ বাবে অধিক গ্ৰহনযোগ্য।বেছি গৰম বা বেছি ঠাণ্ডা জলবায়ুত শিশু সকলৰ বিভিন্ন ৰোগ হয়।গতিকে অনুকূল জলবায়ুৰ শিশু সকলে অধিক জ্ঞান আহৰণ কৰিব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব বৰ্তমান মোবাইল ফোনৰ ব্যৱহাৰ শিশুৰ বাবে অত্যন্ত ভয়ংকৰ হৈ পৰিছে।শিশুৰ কুমলীয়া মনত প্ৰভাৱ পৰিবেশেই বুলিব পাৰি।শিশুৱে যি দেখে সেইটোৱেই গ্ৰহণ কৰে।মাত- কথা,আচাৰ-ব্যৱহাৰ সকলো শিক্ষা ৰ মূল কঠিয়াতলী ঘৰখনেই।গতিকে ঘৰুৱা পৰিবেশে শিশুৰ প্ৰভাৱ পৰাটো স্বাভাৱিক।সৌসিদিনা নগাঁৱত শিশুৱে যি আচৰ্যজনক জঘন্য ঘটনা সংঘটিত কৰিলে তাৰ বাবে দায়ী মোবাইল আৰু দায়িত্বহীন পিতৃ-মাতৃৰ কৰ্ম কাণ্ড।মোবাইল শিশুৰ হাতত এৰি দিয়াৰ ফল কিমান বিষময় হ’ল সেয়া সকলোৱে জানিছে।পখিলা খেদাৰ বয়সত আমি সিহঁতক সুপৰিবেশৰ মাজেদি চলোৱাৰ দায়িত্ব বহন কৰিবই লাগিব। দেশৰ ধৰণী শিশু হঁতক আমি এৰি দি ভবিষ্যতে সুনাগৰিক হোৱাৰ আশা কেনেকৈ কৰিম ? ওপৰৰ চমু লেখাটিত মাথো এটা কাৰকৰ বিষয়েহে উল্লেখ কৰা হ’ল।এনে বহু কাৰক আছে যি শিশুৰ বিকাশত অৰিহণা যোগাই আহিছে।