পৰিবহণ বিভাগৰ অভিযানকালত ৭৫খনৰো অধিক বাহনৰ বিৰুদ্ধে থিতাতে গোচৰ ৰুজু 

pc Wikipedia

পৰিবহণ বিভাগৰ অভিযানকালত ৭৫খনৰো অধিক বাহনৰ বিৰুদ্ধে থিতাতে গোচৰ ৰুজু 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ বেতকুছিত আৰু জালুকবাৰী পথৰ উপৰি ভূতনাথ, সাওকুছি, চামতা, সোণাপুৰ, ন-মাইল অঞ্চলৰ গুৰুত্বপূৰ্ণ স্থানত পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসৰ তত্ত্বাৱধানত, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে তালাচী চলায়।অভিযানকালত ৭৫খনৰো অধিক বাহনৰ বিৰুদ্ধে থিতাতে গোচৰ ৰুজু কৰি ২ বিলাসী অ’ডি বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক ২৮খনৰো অধিক বাহন জব্দ কৰে।জব্দ হোৱা বহু বাহনেই থিতাতে জৰিমনাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয়। যান-বাহনৰ কৰ আদায়ৰ বাবে নিৰ্ধাৰিত চূড়ান্ত সময়সীমালৈ মাজত মাথোঁ দুটামান দিনহে থকাৰ সময়তে গৌতম দাসে কয় যে, যান বাহন বিধি অনুসৰি যান-বাহন কৰ পৰিশোধ কৰাৰ পিছতহে পথত চলাচল কৰাৰ অধিকাৰ পায়। তদুপৰি নথি-পত্ৰসমূহ সকলো সময়তে নৱীকৰণ হৈ থাকিব লাগিব। এনেক্ষেত্ৰত সকলো দিশৰ পৰা ‘বৈধ’ হৈ নথকা বাহনক লৈ ৰাজপথত কেতিয়াও সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাটো সম্ভৱ নহয়।