পৰিবহণ নিগমত শুভাৰম্ভ

পৰিবহণ নিগমত শুভাৰম্ভ
ডিজিটেল ব্যৱস্থাৰে পাৰ্কিং মাচুল সংগ্ৰহ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   অসম ৰাজ্যিক পৰিবহণ নিগমৰ বেতকুছিৰ ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থানত উত্তৰ পূৰ্ব্বাঞ্চলৰ ভিতৰতে সৰ্ব্বপ্ৰথম পদক্ষেপ হিচাপে পাৰ্কিং মাচুল সংগ্ৰহৰ ডিজিটেল গেটৰ শুভাৰম্ভ কৰে অসমৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, জনসাধাৰণৰ সুবিধাৰ্থে স্থাপিত “পাৰ্কিং বুম বেৰিয়াৰ” হৈছে প্ৰযুক্তিগত উন্নয়নৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ৷ ইয়াৰ লগত সংগতি ৰাখি ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী পৰিবহণ নিগমত শুভাৰম্ভ কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিচন ৰঞ্জন দাসে৷ এই অনুষ্ঠানত পৰিবহণ নিগমৰ উপাধক্ষ্য প্ৰণৱজ্যোতি লহকৰ, YES Bank ৰ সভাপতি পাৰ্থ প্ৰতিম গোস্বামী, পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাস, পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ প্ৰমুখ্যে বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷