পৰিচয়
-কৌশল্যা বৰা
ডাঙৰ শ্ব’ৰূমটোত টাইল্ চ চাই চাই ভাগৰ লাগিছে। বহুত কণ্ডিশ্বন। বুঢ়া বয়সত পিচল নাখাবৰ বাবে মেট্ ফিনিচ্ লাগিব। ডাবল চাৰ্চ, গ্ল’জি, নালাগে। আৰু কালাৰ …! উস্ !পচন্দ নহয়হে নহয়। কেচ্ কাউণ্টাৰৰ ওচৰতে অলপ বহিলো। সৰহীয়াকৈ বস্তু কিনা গ্ৰাহকৰ আদৰ সুকীয়া। দোকানৰ মালিকৰ পুতেকে আমাৰ বাবে দুকাপ কফি আৰু মিঠাইৰ অৰ্দাৰ দিলে।
-‘বাবু, কিবা এটা দিয়ক, বহুত ভোক লাগিছে। ‘
-‘যা যা ওলা। এইখন হোটেল পাইছ নেকি?’
বহুতদিন বৰষুণ নপৰাকৈ থকা চোতালখনৰ দৰে শৰীৰৰ ছাল, শীৰ্ণকায় দেহাৰ মানুহজনে, ডিঙিত পাকমাৰি লোৱা মলিয়ন গামোচাখনেৰে মুখখন মোহাৰি ওলাই গ’ল ।
দোকানী ল’ৰাটো ম’বাইলটো লৈ অলপ আঁতৰি গ’ল।
-‘এই ৰামু,এইখিনি ৰাস্তাৰ দাঁতিত পেলাই আহিবি যা। জল্ডি যা বাবুৱে দেখিলে ৰাগাৰাগি কৰিব। ‘
এখন ডাঙৰ থালত এসোপামান আপেলৰ টুকুৰা, কল আৰু কিবা কিবি মিঠাই।ত্ৰিশ/পয়ত্ৰিশ বছৰীয়া মানুহজনীৰ বডি লেংগুৱেজ পঢ়িলোঁ। ভাল বস্তু আথানি কৰিব পৰাৰ গৌৰৱ আৰু ভোগৰ প্ৰাচুৰ্যই চকুৱে মুখে ভিৰ কৰিছে। সামৰ্থ্য অহংকাৰত ওঁঠৰ ভাঁজেৰে সৰকি অহা এটি মৃদু হাঁহি অপৰিচিত গ্ৰাহকৰ ফালে আগবঢ়াই দি তেওঁ ভিতৰলৈ গ’ল। মই সেই হাঁহিৰ ভাৱনাত শুনিলোঁ –মানুহৰ আন এক পৰিচয়—-।