( প্ৰয়াত মহীৰূহ জনালৈ বুলি শ্ৰদ্ধাঞ্জলিৰ একলম )
ঢকুৱাখনাৰ নন্দনজনাই, ১৯৩২ চনৰ ৭ ডিচেম্বৰত
ঢকুৱাখনাৰ বালিগাঁৱত ,
পিতৃ প্ৰয়াত ইন্দ্ৰধৰ বৰগোহাঞি আৰু
মাতৃ প্ৰয়াত আইতা বৰগোহাঞিৰ ঔৰষে ধৰিলে জনম ।
বাৰ বছৰ বয়সলৈকে প্ৰাণস্বৰূপ চাৰিকড়ীয়া নৈত
সাতুৰি – নাদুৰি
ঢকুৱাখনাক এৰি আহিল গুচি ।
পিতৃ স্বৰূপ ব্যক্তিজনাৰ বিয়োগত ,
নিৰ্বাক নিস্তব্ধ হ’ল আজি ঢকুৱাখনাবাসী ।
শৈশবৰ সহচৰী , নৈখনিৰোযেন গতিত পৰিল যতি ।
ঢকুৱাখনাবাসীয়ে ব্যক্তিজনাৰ নামেৰে
থাপিলে তাতে , পুথিৰ গৃহ এটি……
য’ত কৰিলে দান , পুস্তক ৰতন সংখ্যাৰে..
১২০০ ৰো অধিক ।
প্ৰথিতযশা সাহিত্যিকজনাৰ বিয়োগে
ঢকুৱাখনাবাসীৰ অন্তৰত আলোড়ণৰ সৃষ্টি কৰি
তুলিলে খলকনি ।
ৰামধেনুৰ যুগতেই অসমৰ সাংবাদিকতাত প্ৰবেশ কৰি
যোৱা পাচোটা দশক জুৰি আছিলে গুৰি বঠা ধৰি ।
ইংৰাজীত দখল ল’ভি
ঢকুৱাখনাৰ মাধ্যমিক বিদ্যালয়তে প্ৰথম
কৰ্মজীৱন আৰম্ভি ,
অসম প্ৰশাসনীয় পৰীক্ষাত অৱতীৰ্ণ হৈ,
উপপ্ৰতি সমাহৰ্তা হিচাপে যোগদান কৰিবলৈবুলি
আহিল মাজুলীলৈ গুচি ।
১৯৫৭ চনতে প্ৰথমখন গল্প পুথি
” বিভিন্ন কোৰাচ ” প্ৰকাশি…..
১৯৫৮ চনত , বিশিষ্ট লেখিকা নিৰুপমা তামুলীক
ল’লে বাচি , জীৱনৰ সহধৰ্মিণী কৰি ।
চৰকাৰী চাকৰিকো ইস্তফা দি
নীলাচল কাকতখনি সম্পাদনা কৰি
সাংবাদিক ক্ষেত্ৰখনি নদিগন্তৰ সূচনাৰে
গঢ়িলে নতুন কৰি ।
পিতা – পুত্ৰ উপন্যাসৰ বাবে ,
অসম প্ৰকাশন পৰিষদৰ বটা লভি
কোনোদিন আৰু ৰোৱা নাই থমকি।
সাহিত্য একাদেমি বটা , অসম উপত্যকা সাহিত্য বটা ,
সাংবাদিক লক্ষ্মীনাথ ফুকন বটা, দিল্লীৰ জয়কৃষ্ন
ৰামদয়াল বটা আদি অনেক বটাৰে হৈ বিভূষিত
২০১৫ চনত নিয়মিয়া বাৰ্ত্তা কাকত সম্পাদনাৰ
উপদেষ্টা হিচাপে হৈ প্ৰবৃত্ত ,
মৃত্যুপৰ্য্যন্ত মুখ্য সম্পাদকৰ আসন কৰিলে অলঙ্কৃত।
মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত
বাঁহীতেই প্ৰথম খুলি লৈ কাপটি
অসমক অৰ্দ্ধ শতাব্��