প্ৰেৰণা পুথিভঁৰালত শিক্ষক দিৱস পালন

প্ৰেৰণা পুথিভঁৰালত শিক্ষক দিৱস পালন

চাহিল মল্লিক,বাৰ্ত্তাসেৱা- “এটা সময়ত মানুহে খেতিবাতিৰ বাবে সূচল, পানী নুঠা ওখ ঠাইত গাঁও পাতিছিল । কৃষি কৰ্মৰ উপৰিও মানুহে গৰু-ছাগলী পোহা, মাছ মৰা, বাঁহ-বেঁতৰ কাম কৰা আদি বিভিন্ন উপায়ে জীৱিকা নিৰ্বাহ কৰিছিল । তাৰ মাজৰে মুষ্টিমেয় একাংশৰ সন্তানে চহৰৰ বিদ্যালয়-মহাবিদ্যালয়ত পঢ়ি শিক্ষকতাৰ বৃত্তি লৈছিল । এই শিক্ষকসকল আৰু তেওঁলোকৰ অনুগত এচাম ছাত্ৰই গাঁওসমূহত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত আগভাগ লৈছিল । বিদ্যালয় পাতিছিল, ল’ৰা-ছোৱালীক মাতি মাতি আনি নাম ভৰ্তি কৰি দিছিল । তাৰোপৰি গাঁৱৰ ৰাষ্টা-ঘাট, আলি-পদূলি নিৰ্মাণ, সংঘ-পুথিভঁৰাল প্ৰতিষ্ঠা, প্ৰগতিশীল ধ্যান-ধাৰণাৰ প্ৰচাৰ আৰু সমাজ সংগঠন, সমাজ উন্নয়ন আদি সকলো দিশতে আগভাগ লৈছিল এই শিক্ষকসকলে । তেওঁলোক অকল শ্ৰেণীকোঠাৰ শিক্ষকেই নাছিল, সমাজৰো শিক্ষক আছিল । আজিৰ শিক্ষকসমাজ এই ঐতিহাসিক দায়িত্বৰ পৰা বিচ্যুত হৈছে” – এই বক্তব্য প্ৰেৰণা পুথিভঁড়ালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ । নলবাৰী জিলাৰ ডাঙ্গুৱাপাৰা গাঁৱৰ বৰগাছাত অৱস্থিত প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ উদ্যোগত যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত ২য় বাৰ্ষিক শিক্ষক দিৱসত ভাষণ প্ৰদান কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ‘অধ্যয়ন, অনুশীলন আৰু পৰিৱৰ্তন’ৰ মন্ত্ৰেৰে দীক্ষিত হৈ সকলো কথাৰে অলপ অলপ আৰু কিবা এটা বিষয়ৰ আটাইখিনি জনা হ’বলৈ আহ্বান জনায় । ইয়াৰ আগতে সৰ্বপল্লী বালাকৃষ্ণনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে পুথিভঁড়ালটোৰ জ্যেষ্ঠ পৰিচালক নিৰোদা ডেকাই, বন্তি প্ৰজ্বলন কৰে নীলিমা বৰ্মনে । ইয়াৰ পাছতে সম্পূৰ্ণ ক’ভিদ প্ৰট’কল মানি অনুষ্ঠিত কৰা অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি লিখিত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । দুটা শাখাত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাত উচ্চ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চিন্তু তালুকদাৰ, নিশামনি দাস আৰু অংকুৰ দাসে । নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে যুটীয়াভাৱে বিদিশা ডেকা আৰু দীক্ষিতা দাসে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে গীতাঞ্জলী দাসে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে মধুস্মিতা বৰ্মন, দীক্ষিতা দাস আৰু নবনীতা দাসে । কুইজ প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত মুকলি সভাখন সঞ্চালন কৰে প্ৰেৰণা পুথিভঁড়ালৰ নতুন দেহৰ শাখাৰ মুখ্য পৰিচালক বনজিত ডেকাই । সভাত উপস্থিত থকা শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, তপন কলিতা, শিক্ষয়িত্ৰী বিজুমণি পাটোৱাৰী, বৰ্ণালী দেৱী আৰু মামণি দেৱীক পুথিভঁৰালৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু একোটিকৈ কলমেৰে সম্বৰ্দ্ধনা জনোৱা হয় । সম্বৰ্দ্ধনাপ্ৰাপক আটাইকেইজনে প্ৰাসংগিক বক্তব্য প্ৰদান কৰাৰ উপৰিও আলোচনাত অংশগ্ৰহণ কৰে পুথিভঁৰালটোৰ পৰিচালক বিকাশ তালুকদাৰ, চিন্তু তালুকদাৰ, অংকুৰ দাস, নিশামণি দাস, জিন্টু হাজৰিকা, ৰফিকুল হুছেইন আৰু কৰিষ্মা ইয়াছমিনে । সভাৰ মাজত কেইবাগৰাকী ছাত্ৰ – ছাত্ৰীয়ে কবিতা আবৃত্তি কৰাৰ উপৰিও শিক্ষক দিৱসৰ অনুভৱ ব্যক্ত কৰে । কুইজ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় । ইপিনে সিদিনাই নলবাৰী জিলাৰ বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁৰালতো শিক্ষকতা বৃত্তিত নিয়োজিত মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, জ্যেষ্ঠ পৰিচালক সুশীল মালাকৰ আৰু ভূপেন কুমাৰ দাসক গামোচা, কিতাপৰ টোপোলা, ফুলৰ পুলি, কলম আৰু হস্তনিৰ্মিত বিবিধ সামগ্ৰীৰে পুথিভঁৰালটোৰ সদস্যসকলে সম্বৰ্ধনা জনায় ।