প্ৰেয়সী ঐ – এছ ইছলাম

PC The Goal Chaser
প্ৰেয়সী ঐ
এছ ইছলাম, শিক্ষক, বৰপেটা
প্ৰেয়সী ঐ
 তোক মই পাঁহৰা নাই
 তোৰ ৰূপৰ মদিৰা পাই
 চিৰবশ হ’লোঁ মই ।
শুনিলে তোৰ কথা
মনত লাগে বৰ ব্যথা
তোৰ লাৱণ্যময়ী মুখ
দেখিলেই পাওঁ সুখ।
ওখ তোৰ বুকু
তিৰ্ বিৰ্ তৰা যেন চকু
তোৰ দীঘল চুলিটাৰি
বতাহত উৰে পিন্ধনৰ শাড়ী ।
নাকত নাক ফুল
কাণত সোণৰ দুল
মুকুতা সদৃশ দাঁত
শুৱলা তোৰ মাত।
মেখেলা-চাদৰ গাত
নীলা ব্লাউজ তাত
ভৰিত হাই-হিল
চকুত কাজলৰ ছীল ।
মেক-আপ তোৰ গালত
লিপষ্টিক লৈছা ওঁঠত
ৰঙীন ফুট কপালত
সোণৰ চুৰী হাতত।
মোৰ হৃদয় তন্ত্ৰীত
তুমি পুলক জগাই
প্ৰেমৰ ৰাগিণী
দিলাহি বিলাই ।
যদি ক্ষন্তেক দেখা নাই তোৰ
অন্তৰ দগ্ধিভূত হয় মোৰ
চতুৰ্দিশ দেখোঁ এন্ধাৰ
জীয়াই থকাটো অসাৰ।