প্ৰেম
সমুজ্জ্বল ডেকা, ৰঙিয়া
তোমাৰ চকুলে চালে,
নামি আহে প্ৰেমৰ বৰষা।
কাজলসনা নয়নযুৰিত
জিলিকে ভালপোৱাৰ চন্দ্ৰমা।
তোমাৰ দীঘল চুলি প্ৰত্যক্ষ মোৰ,
যেন মিলনৰ ডোল।
মোৰ ফালে চাই দিয়া
তোমাৰ মিচিকিয়া হাঁহিটিতে
মৰমৰ নিজৰাখনি বয়।
চকুয়ে কথা কয়
তুমি হেনো মোৰ।
তোমাৰ খোজত,
লাহি-পাহি দেহৰ ভাজত
মোৰ হিয়া হয় প্ৰফুল্ল।